ইছৰ’ৰ গগনযানউৎক্ষেপণৰ প্ৰস্তুতি

0
297


ভাৰতীয় মহাকাশ সংগঠনে [ইছৰ’] ইয়াৰ অভিলাষী মহাকাশ কাৰ্যসূচী গগনযানৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা চলায়৷ ইছৰ’ই প্ৰথমটো পৰীক্ষামূলক অভিযান [টেষ্ট ভেহিকল মিছন] চলায়৷ উল্লেখ্য যে ইছৰ’ই মহাকাশলৈ মানৱ প্ৰেৰণ কৰিবলৈ গগনযান কাৰ্যসূচী লৈছে৷ তাৰ অংশ হিচাপে মহাকাশলৈ প্ৰেৰণ কৰিবলগীয়া মহাকাশচাৰীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্ৰথমটো ক্ৰু মডিউল পৰীক্ষা কৰি চোৱা হয়৷ তিনিদিনীয়া গগনযান অভিযানত ইছৰ’ই মহাকাশলৈ মানৱ প্ৰেৰণ কৰিবলৈ আৰু তেওঁলোকক নিৰাপদে ঘূৰাই আনিবলৈ পৰিকল্পনা কৰিছে৷ যানখন পৃথিৱীৰ পৰা ৪০০ কিল’মিটাৰ ওপৰৰ এটা কক্ষপথলৈ পঠিওৱা হ’ব৷ কিন্তু তাৰিখ এতিয়াও চূড়ান্ত কৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here