ইউৰোপত দ্ৰুতগতিতবৃদ্ধি পাইছে তাপমাত্ৰা

0
241

জলবায়ুৰ পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰে উষ্ণতা বৃদ্ধি কৰিছে৷ কিন্তু এই ক্ষেত্ৰত সকলোৰে আগত আছে ইউৰোপ মহানগৰ৷ যোৱা দুবছৰত ইউৰোপত গ্ৰীষ্মকালত সৰ্বাধিক গৰম পৰে৷ আনহাতে ইউৰোপীয়ান ইউনিয়ন আৰু বিশ্ব বতৰ সংগঠনে প্ৰকাশ কৰা এখন প্ৰতিবেদনৰ পৰা জানিব পৰা মতে ইউৰোপ বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুত তাপমাত্ৰা বৃদ্ধি পোৱা মহানগৰ হিচাপে পৰিগণিত হৈছে৷ প্ৰতিবেদনখনত ১৯৮০ চনৰ পৰা সংগ্ৰহ কৰা তথ্য বিশ্লেষণ কৰি এই কথা কোৱা হৈছে৷ ইয়াত উল্লেখ কৰা অনুসৰি ইউৰোপৰ তাপমাত্ৰা আশী দশকৰ তুলনাত বা বিশ্বৰ গড় তাপমানৰ তুলনাত দুগুণ হাৰত বৃদ্ধি পাইছে৷  উল্লেখ্য যে যোৱা বছৰ ইউৰোপত গৰমে সৰ্বকালৰ অভিলেখ ভংগ কৰিছিল৷ মহাদেশখনত যোৱা বছৰ গ্ৰীষ্ম প্ৰবাহত কেইবা হাজাৰ লোকৰ মৃত্যু হৈছিল৷ প্ৰতিবেদনখনত লগতে এইবুলিও সতৰ্ক কৰি দিয়া হৈছে যে অনাগত দিনবোৰত ইউৰোপত তাপমাত্ৰাই নতুন অভিলেখৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷ আনহাতে ইউৰোপত একে সময়তে নদী শুকাই যোৱা আৰু বনজুইৰ পৰিমাণো বৃদ্ধি পাইছে৷ যোৱা বছৰ বাল্টিক, কৃষ্ণ আৰু ভূমধ্য সাগৰত ভীষণ আৰু গৰম ঢৌ দেখিবলৈ পোৱা গৈছিল৷ ইয়াৰ লগতে আন মহাদেশৰ তুলনাত ইউৰোপত হিমবাহো দ্ৰুতগতিত গলিবলৈ লৈছে৷ বিজ্ঞানীসকলৰ মতে ইউৰোপৰ এটা বৃহৎ অংশ পৃথিৱীৰ ভিতৰতে আটাইতকৈ ক্ষিপ্ৰতাৰে গৰম হোৱা অঞ্চলৰ ভিতৰত পৰে৷ ইয়াৰ লগতে জলবায়ু পৰিৱৰ্তনৰ কাৰণে মহাদেশখনৰ তাপমাত্ৰা বৃদ্ধি পাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here