ইউৰেনাছৰ বুকুত মহাসাগৰৰ খোজ

0
45

দূৰৱৰ্তী গ্ৰহ ইউৰেনাছৰচতুৰ্থ বৃহত্তম উপগ্ৰহ হ’ল এৰিয়েন৷ জেমছ ৱেৰ স্পেচ টেলিস্কোপৰ জৰিয়তে এই এৰিয়েন সম্পৰ্কে নতুন তথ্যৰ সন্ধান পোৱা গৈছে৷ জেমছ ৱেৰে তথ্য বিশে¡ষণ কৰি জনাইছে যে ইউৰেনাছ গ্ৰহৰ কোনো এটা অংশত এখন মহাসাগৰ লুকাই থাকিব পাৰে৷ সৌৰজগতক সকলোতকৈ বেছি কাৰ্বন-ডাই-অক্সাইড সমৃদ্ধ কিছুমান লক্ষণ ইউৰেনাছৰ বুকুত পাইছে জেমছ ৱেৰে৷ আনহাতে ইউৰেনাছৰ এৰিয়েনত তৰল পানী থকাৰ সম্ভাৱনাও থাকিব পাৰে বুলি বিজ্ঞানীয়ে সদৰী কৰিছে৷ ৱেৰৰ স্পেচ টেলিস্কোপৰ ছবি আৰু তথ্য ব্যৱহাৰ কৰি জ্যোতিৰ্বিজ্ঞানীয়ে ইউৰেনাছত এৰিয়েনত সমুদ্ৰ লুকাই থাকিব পাৰে বুলি দাবী কৰিছে৷ উল্লেখ্য যে এৰিয়েন তথা ইউৰেনাছ সূৰ্যৰ পৰা বহু দূৰত্বত আছে৷ পৃথিৱীতকৈও সূৰ্যৰ পৰা ২০ গুণ বেছি দূৰত অৱস্থিত ইউৰেনাছ৷ দূৰত্বৰ বাবে তাত কাৰ্বন-ডাই-অক্সাইড গেছত পৰিণত হৈছে৷ ইউৰেনাছৰ বায়ুমণ্ডল মেগনোটোস্ফিয়াৰ লাগি থকা চাৰ্জযুক্ত কণাৰ কাৰণে অণু ভাঙি যায় আৰু তেতিয়া কাৰ্বন-ডাই-অক্সাইড মুক্ত হয়৷ নতুন তথ্য মতে এৰিয়েনৰ কাৰ্বন-ডাই-অক্সাইডৰ উৎস বাহিৰৰ পৰা নহয়, বৰং অভ্যন্তৰীণ অংশৰ পৰা আহিব পাৰে৷ বিজ্ঞানীয়ে বৰ্ণালী বিশ্লেষণ কৰি জানিব পাৰে যে সৌৰজগতৰ সকলোতকৈ বেছি কাৰ্বন-ডাই-অক্সাইড আছে ইয়াত৷ এৰিয়েনৰ যি অংশ ইউৰেনাছৰ দিশে স্থায়ীভাৱে অৱস্থান কৰিছে, তাত ১০ মিলিমিটাৰ পৰ্যন্ত বৰফ আছে৷ বিজ্ঞানীয়ে সদৰী কৰা মতে এৰিয়েনত কাৰ্বন মনোক্সাইডৰ উপস্থিতিও ধৰা পৰিছে৷ কাৰ্বন মনোক্সাইডৰ স্থিতিশীল হোৱাৰ আগতে মাইনাছ ৪০৫ ডিগ্ৰী ফাৰেনহাইট তাপমাত্ৰা থাকিব লাগে৷ এৰিয়েনৰ পৃষ্ঠৰ তাপমাত্ৰা প্ৰায় ৬৫ ডিগ্ৰী ফাৰেনহাইটতকৈ বেছি৷ এৰিয়েনৰ পৃষ্ঠৰ বেছিভাগ কাৰ্বন অক্সিজেন যৌগ বৰফৰ তলত জমা হৈ থকা তৰল মহাসাগৰৰ পৰা প্ৰস্তুত হোৱা৷ বৰ্ণালী বিশ্লেষণত কাৰ্বনাইট খনিজ পদাৰ্থৰ উপস্থিতিৰ ইংগিতো পোৱা গৈছে৷ সেয়ে ইউৰেনাছৰ বুকুত মহাসাগৰৰ উপস্থিতিয়ে নতুন সুযোগৰ সৃষ্টি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here