ইউৰেনাছৰ বিস্ময়কৰ মনোমোহাৰূপ ধৰা পেলালে নাছাই

0
200

মহাকাশত থকা বিশ্বৰ সৰ্ববৃহৎ দূৰবীণ জেম্‌ছ ৱেব স্পেচ টেলিস্ক’পে অলপতে ইউৰেনাছৰ এখন মনোমোহা ফটো তোলে৷ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই প্ৰকাশ কৰা এই বিস্ময়কৰ ফটোখনত ইউৰেনাছৰ ৰিংকেইটাও স্পষ্ট ৰূপত দেখা পোৱা গৈছে৷ ইউৰেনাছক ১৩টা ৰিঙে আগুৰি আছে৷ ইয়াৰে ১১টাক ফটোখনত দেখা পোৱা গৈছে৷ ইয়াৰে কেইটামান ৰিং ইমানেই উজ্জ্বল যে ইটোৰ লগত সিটো প্ৰায় মিলি গৈছে৷ নাছাৰ মতে, গ্ৰহটোৰ সোঁফালে উজ্জ্বল ৰূপত মেৰুৰ এটা অংশ দেখা পোৱা গৈছে, যাক প’লাৰ কেপ বুলি কোৱা হয়৷ ইউৰেনাছে নিজৰ কক্ষপথৰ সৈতে ৯০ ডিগ্ৰী কোণ কৰি আৱৰ্তন কৰি আছে৷  ফলত ইয়াৰ মেৰু অঞ্চলত কেইবা বছৰ ধৰি সূৰ্যৰ ৰশ্মি পৰে আৰু কেইবা বছৰ আন্ধাৰ হৈ থাকে৷ জেম্‌ছ ৱেবে তোলা ফটোখনত গ্ৰহটোৰ ২৭টা উপগ্ৰহৰ ভিতৰত ছটাক দেখা পোৱা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here