ইউৰিক এচিডৰ সমস্যা নিৰ্মূলৰ বাবে এইবিধ খাওক

0
115

আজিকালি প্ৰায়ভাগ লোকৰে এটা প্ৰধান সমস্যা হৈছে ইউৰিক এচিড বৃদ্ধিৰ সমস্যা৷ ইউৰিক এচিড হৈছে আমাৰ শৰীৰৰ পিউৰিন নামৰ উপাদানবিধৰ পৰা নিৰ্গত এক প্ৰাকৃতিক আৱৰ্জনা৷ আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ’লে বিভিন্ন দিশত বিৰূপ প্ৰভাৱ পৰে৷ ইউৰিক এচিডৰ মূল সমস্যাটো হ’ল গাঁঠিৰ বিষ বা আথ্ৰৰ্াইটিছ৷ ই গঁাঠিবোৰত প্ৰভাৱিত কৰি মানুহ এজনক বাৰুকৈয়ে যন্ত্ৰণাত ভোগায়৷ ইয়াৰ পৰিমাণ বাঢ়িলে বৃক্কৰ নিষ্কাশন কৰাৰ ক্ষমতা হ্ৰাস পায়৷ ইলাচি সেৱনে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰে৷ ইলাচিয়ে কিদৰে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰে জানো আহক৷
ঔষধি গুণসম্পন্ন ইলাচিয়ে ইউৰিক এচিডৰ স্তৰ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে৷ লগতে ই আথ্ৰৰাইটিছ ৰোগীসকলৰ বাবেও উপকাৰী৷ ইলাচিত পোৱা উপাদানে গাঁঠিৰ বিষ নিৰ্মূলত সহায় কৰে৷
৪-৫ টা ইলাচি লৈ ইয়াৰ বাকলিবোৰ গুচাই পানীত তিয়াই ৰাখক৷ এই পানীখিনি আঠ ঘণ্টামানৰ পাছত খাওক৷ এইদৰে দৈনিক দুবাৰকৈ খালে গাঁঠিৰ বিষ, আঙুলিৰ বিষ আদিৰ পৰা উপশম পাব পাৰি৷
ইলাচি দৈনিক সেৱনে শৰীৰৰ ওজন হ্ৰাসতো সহায় কৰে৷ দৈনিক ২টা ইলাচি ভালদৰে চোবাই খালে শৰীৰত কলেষ্টৰেল নিয়ন্ত্ৰণত থাকে৷
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ দৈনিক ইলাচি সেৱন কৰক৷ কিয়নো ইয়াত এণ্টিঅক্সিডেণ্ট আৰু এণ্টিবায়’টিক গুণে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে৷
হূদৰোগীসকলৰ বাবে ইলাচি অতি উপকাৰী৷ কিয়নো শৰীৰত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত ইলাচি কাৰ্যকৰী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here