আৱিষ্কাৰ : মহাবিশ্বৰ সম্প্ৰসাৰণৰ হাৰ আশ্চৰ্যজনকভাৱে দ্ৰুত

0
23

সম্প্ৰতি জেমছ ৱেৰ স্পেচ টেলিস্কোপৰ দুই বছৰৰ পৰ্যবেক্ষণৰ গুৰুত্বপূৰ্ণ তথা প্ৰকাশ কৰিছে৷ যি তথ্যই নিশ্চিত কৰিছে যে মহাবিশ্ব সম্প্ৰসাৰণৰ হাৰ আঠ শতাংশ বেছি৷ যি তথ্য বিজ্ঞানীসকলে পূৰ্বে কৰা অনুমানতকৈ বহু দ্ৰুত৷ এই বিষয়টোৱে মহাবিশ্বৰ গঠন তথা ইয়াৰ গতিপথ সম্পৰ্কে নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে৷ এই নতুন গৱেষণাই জেমছ ৱেৰ টেলিস্কোপৰ তথ্য হাবল টেলিস্কোপৰ পুৰণি তথ্যকো সমৰ্থন কৰিছে, য’ত কোৱা হৈছে মহাবিশ্বৰ সম্প্ৰসাৰণৰ হাৰ প্ৰত্যাশিত গতিৰ পৰা দ্ৰুত৷ বৈজ্ঞানিক ভাষাত এই অসামঞ্জস্যক ‘হাবল টেনশ্যন’ বুলি চিহ্নিত কৰা হয়৷ বিজ্ঞানীয়ে ধাৰণা কৰিছে যে এই অস্বাভাৱিক গতিৰ আঁৰত সম্ভৱতঃ আজানা কিছু শক্তিয়ে কাম কৰি আছে৷ যেনে– ডাৰ্ক এনাৰ্জি তথা ডাৰ্ক ম্যাটাৰ আদি৷ জেমছ ৱেব টেলিস্কোপৰ তথ্য অনুযায়ী, মহাবিশ্বৰ সম্প্ৰসাৰণৰ হাৰ প্ৰায় ৭৩ কিলোমিটাৰ প্ৰতি ছেকেণ্ড প্ৰতি মেগাপাৰ্চেক, যি পূৰ্বৰ অনুমানতকৈ প্ৰায় আঠ শতাংশ বেছি৷ উল্লেখ্য যে হাবল কনষ্টাণ্ট নামে পৰিচিত এই গতিৰ পৰিমাপ সাধাৰণতে ৬৭-৬৮ৰ মাজত থকা ভাল৷ কিন্তু ৱেব তথা হাবল টেলিস্কোপৰ তথা মিলি নতুন গতি সূচক দিছে, যাৰ মান প্ৰায় ৭৩, যিয়ে বিজ্ঞানীৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন উদয় হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here