আৰ্ছেনিকযুক্ত পানী আৰ্ছেনিকমুক্তকৰিবলৈ কেপছুল উদ্ভাৱন

0
558

অসমত বহু ঠাইত এতিয়াও আৰ্ছেনিকুক্ত পানী সেৱন কৰাৰ লগতে নিত্য প্ৰয়োজনীয় বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে৷ যাৰ ফলত বহু সময়ত বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ দুৰ্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷ ঠিক এই সময়তে আৰ্ছেনিকযুক্ত পানী সেৱন কৰি দিন অতিবাহিত কৰা লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে অসমৰ কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকে৷ ভূগৰ্ভৰ পানীৰ অতি মাৰাত্মক বিহ আৰ্ছেনিক যুক্ত পানীক আৰ্ছেনিকমুক্ত কৰিবলৈ কেপছুল উদ্ভাৱন কৰা ঘটনাই অসমৰ লগতে সমগ্ৰ বিশ্ববাসীৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে৷ এই অসম সন্তানগৰাকীয়ে ভূগৰ্ভৰ পানী আৰ্ছেনিকমুক্তকৰণৰ জটিল প্ৰক্ৰিয়াক সহজ কৰি এক ইতিহাসৰ সূচনা কৰিলে৷ ইতিমধ্যে আৰ্ছেনিকযুক্ত পানীৰ পৰা আৰ্ছেনিক নিৰ্মূল কৰাৰ এটা অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱাক পেটেণ্ট প্ৰদান কৰিছে৷ উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ ৰবীন দত্ত আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ পৰাগ নাথৰ সহযোগত চিৰঞ্জীৱ বেজবৰুৱাই ডিলেইড ৰিলিজ কেপছুল নামৰ এবিধ যৌগ আৱিষ্কাৰ কৰি অতি সহজ পদ্ধতি ব্যৱহাৰ কৰি খোৱাপানীক আৰ্ছেনিকমুক্ত কৰা সম্ভৱ কৰি তুলিছে৷ যি কেপছুলৰ জৰিয়তে অতি সহজে অধিকতকৈও অধিক আৰ্ছেনিক মিশ্ৰিত ভূগৰ্ভৰ পানী সম্পূৰ্ণকৈ আৰ্ছেনিকমুক্ত কৰি তুলিব পাৰি৷ ৰাজ্যত আৰ্ছেনিকযুক্ত পানী সেৱন কৰি জটিল ৰোগত আক্ৰান্ত হোৱাৰ সময়তে অধ্যাপকজনৰ এই পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here