আশ্চৰ্য ‌‌! আপুনি পেলাই দিয়া কমলাৰ বাকলিত কি আছে?

0
2641


আপুনি কমলা টেঙা খাই বাকলিটো পেলাই দিয়ে নেকি? আজিৰ পৰা আৰু কেতিয়াও কমলাৰ বাকলি পেলাই নিদিব৷ কাৰণ কমলা আমাৰ স্বাস্থ্যৰ বাবে যিমান উপকাৰী, অনুৰূপধৰণে ইয়াৰ বাকলিটো আছে আশ্চৰ্যকৰ গুণ৷ হয়, আজি আমি আপোনালোকক কমলাৰ বাকলিৰ বিষয়ে এনে কিছু টিপ্‌ছ দিম, যাৰ বিষয়ে জনাৰ পাছত আপুনিও হয়তো কমলাৰ বাকলি পেলাই নিদিব৷
(১) কমলাৰ বাকলিত প্ৰচুৰ পৰিমাণে প্ৰ’ ভিটামিন-এ, ভিটামিন-বি৬, কেলচিয়াম, ফাইবাৰ, পলিফেনল পোৱা যায়৷ ইয়াত লিম’নিন নামৰ এবিধ দ্ৰব্য থাকে, যিটোৱে ছালৰ কেঞ্চাৰৰ পৰা আমাক সুৰক্ষিত প্ৰদান কৰিব পাৰে৷
(২) কমলাৰ বাকলিয়ে মেটাবলিজম বৃদ্ধি কৰে আৰু শৰীৰৰ চৰ্বি কমোৱাত সহায় কৰে৷
(৩) ৰক্তচাপ আৰু কলেষ্টৰেল নিয়ন্ত্ৰণত ৰখাত কমলাৰ বাকলিয়ে সহায় কৰে৷
(৪) কমলাৰ বাকলিত এণ্টিইনফ্লেমেটৰি উপাদান থাকে৷ যিয়ে হজম শক্তি বৃদ্ধি কৰাৰ লগতে বুকু জ্বলা-পোৰা কৰা, ডায়েৰিয়া আদি নিৰ্মূল কৰাত সহায় কৰে।
(৫) মদ্যপান কৰি তাৰ নিচা আঁতৰাবলৈ কমলাৰ বাকলি পানীত ১৫-২০ মিনিট উতলাই সেৱন কৰিলে নিচা দূৰ হয়৷
(৬) কমলাৰ বাকলিৰে দাঁত মাজিলে দাঁত চাফা হয়, দাঁতত থকা অনুজীৱ নাশ হয়, মুখৰ দুৰ্গন্ধ নাইকিয়া হয়৷
(৭) কমলাৰ বাকলিত ভিটামিন-চি আৰু ভিটামিন-এ প্ৰচুৰ পৰিমাণে থাকে, যিয়ে প্ৰাকৃতিকভাৱে এণ্টিঅক্সিডেণ্টৰ দৰে কাম কৰে৷ ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়৷
(৮) কমলাৰ বাকলিয়ে বিভিন্ন ছালৰ সমস্যা দূৰ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here