আশ্চৰ্য ! মৰুভূমিৰ তলত নগৰ

0
292


যিহেতু মানুহ সমাজপ্ৰিয় জীৱ বা সামাজিকভাৱে থাকি ভাল হয়৷ সেয়ে মানুহে পৃথিৱীত ঘৰ সাজিয়েই বাস কৰে, ইয়াত নতুনত্ব একো নাই৷ কিন্তু এইখন পৃথিৱীতে মানুহে মাটিৰ তলত ঘৰ সাজি বাস কৰা লোকে আছে৷ এই ঘৰসমূহ অত্যাধুনিক আৰু ইয়াত সকলো সা-সুবিধা আছে৷ আচলতে এইখন এখন নগৰেই৷ এই অনন্য নগৰখন আছে দক্ষিণ অষ্ট্ৰেলিয়াৰ উত্তৰভাগৰ মৰু অঞ্চলত৷ এডিলেইডৰ পৰা ইয়াৰ দূৰত্ব ৮৪৬ কিলোমিটাৰ৷ নগৰখনৰ নাম কুবেৰ পেডি৷ এই নগৰখনৰ কাষ চপাৰ পাছত মৰুভূমিৰ মাজত কেৱল ৰঙা আৰু বাদামী ৰঙৰ মাটি পোৱা যায়৷ ইয়াত মাটিৰ ওপৰত কিছুমান লোকে ঘৰ সাজি আছে যদিও এটা অংশৰ ওপৰৰ পৰা একো নেদেখি বা জানিবও নোৱাৰি৷ কিন্তু মাটিৰ তলত মানুহে বিলাসী জীৱন কটাই আছে৷ তাত ছুইমিং পুল, হোটেল, গীৰ্জাঘৰ, ৰেস্তোৰাঁ আদি সকলো সুবিধা আছে৷ কুবেৰ পেডিত যথেষ্ট গৰম৷ ইয়াত বছৰি মাত্ৰ ১৩০ মিলিমিটাৰ বৰষুণ হয়৷ সেয়েহে মানুহে মাটিৰ তলত ঘৰ সাজি বাস কৰে৷ এই মাটিৰ তলৰ নগৰখনত বিশ্বৰ ৪৫ খন দেশৰ ৩৫০০ লোকে বাস কৰে৷ ইয়াৰ ৬৫ শতাংশ লোক ইউৰোপৰ৷ অত্যধিক গৰম বাবে ইয়াত নিশাহে খেলা-ধূলা কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here