মাকৈ এবিধ জনপ্ৰিয় শস্য৷ সচৰাচৰ জহকালি এইবিধ শস্য উৎপন্ন হয়৷ ঠাণ্ডাৰ দিনত ৰাস্তাৰ কাষত অঙঠাত সেক দি বিক্ৰী কৰা মাকৈ গৰমে গৰমে খোৱাৰ মাদকতাই সুকীয়া৷ মাকৈত যথেষ্ট পুষ্টিকৰ উপাদানৰ উপস্থিতি থকা বাবে ই স্বাস্থ্যৰ পক্ষে উপকাৰী৷ মাকৈৰ পৰা আমি কি কি উপকাৰ পাওঁ, জানো আহক৷
(১) মাকৈ ফাইটোকেমিকেলেৰে সমৃদ্ধ বাবে ই ভোক বৃদ্ধি কৰে৷ ইয়াৰ লগতে মাকৈৱে এণ্টিকাৰচিনোজেনিক এজেণ্ট হিচাপে কাম কৰে লগতে এণ্টিঅক্সিডেণ্ট গুণেৰে ভৰপূৰ হোৱা হেতু আলঝেইমাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷
(২) মাকৈত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ থাকে৷ ইয়াত প্ৰচুৰ পৰিমাণে মেগনেচিয়াম, আইৰন, কপাৰ, ফচফৰাছ আদি থাকে বাবে হাড়ৰ বিসংগতি নিৰ্মূলৰ কাৰণে অতি দৰকাৰী৷ মাকৈ খালে কিডনীৰ স্বাভাৱিক কাম-কাজ বৃদ্ধি হয়৷
(৩) উচ্চ ফাইবাৰযুক্ত হোৱা বাবে মাকৈ খালে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়৷ কোলন কেঞ্চাৰত ভোগাসকলে মাকৈ খালে সুফল পাব পাৰে৷
(8) ভিটামিন-C, কেৰোটিনয়েড আৰু বায়’ফ্লেভনয়ডেৰে সমৃদ্ধ মাকৈৱে শৰীৰৰ তেজৰ সঞ্চালন বৃদ্ধি কৰে৷ ইয়াৰ লগতে কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখি হৃদপিণ্ডক সুস্থ কৰি ৰখাত সহায় কৰে৷
(৫) মাকৈত যথেষ্ট পৰিমাণে আইৰন থকা বাবে শৰীৰত আইৰনৰ নাটনি পূৰ হয়৷ এনিমিয়া ৰোগ প্ৰতিৰোধত মাকৈ উপকাৰী৷
(৬) মাকৈত গ্লিচামিক ইনডেক্স কম থাকে বাবে ডায়েবেটিছ ৰোগীৰ বাবে অত্যন্ত ফলদায়ক হিচাপে কাম কৰে৷
(৭) ফলিক এচিডৰ অন্যতম উৎস হ’ল মাকৈ৷ সেয়েহে শিশুৰ ওজন বৃদ্ধিত সহায় কৰে৷ সাধাৰণতে গৰ্ভাৱস্থাত হোৱা এটা সমস্যা হৈছে কোষ্ঠকাঠিন্যতা৷ সেয়েহে গৰ্ভৱতী মহিলাসকলে এনে সময়ত খাদ্য তালিকাত মাকৈ ৰখাটো জৰুৰী৷
(৮) ভিটামিন-A ৰ ভাল উৎস মাকৈ খালে দৃষ্টিশক্তি উন্নত হোৱাত সহায় কৰে৷
(৯) মাকৈ এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ হোৱা বাবে ছালৰ সতেজতা, উজ্জ্বলতা দীৰ্ঘ সময় ধৰি ৰখাত সহায় কৰে৷
(১০) মাকৈৰে তৈয়াৰী তেলত লিনোলেইক এচিড পোৱা যায়, যিয়ে ছালৰ লগতে চুলিৰ উজ্জ্বলতা বৃদ্ধিত অৰিহণা যোগায়৷