পানীৰ তলত এটা বাকচত সোমাই থকাৰ কথাটো আপুনি জানো কল্পনা কৰিব পাৰে৷ নিশ্চয় নোৱাৰে৷ পানীৰ চাপ, চাৰিওফালে কেৱল পানী আৰু পানী, অকলশৰীয়াকৈ থকাৰ সময়ত সকলোৱে মানসিক চাপৰ সন্মুখীন হ’বলগীয়া হয়৷ আচৰিত লাগিলেও সঁচা যে তেনে এক পৰিৱেশ দিন কটাইছে এজন বিজ্ঞানীয়ে৷ আমেৰিকাৰ এই ৫৫ বছৰ বয়সীয়া বিজ্ঞানীজনে যোৱা এক মাৰ্চৰ পৰা ফ্লৰিডাৰ কীজত প্ৰায় ৩০ ফুট গভীৰতাত থাকিবলৈ লয়৷ যোছেফ দিতুৰী নামৰ এই বিজ্ঞানীজনে সাগৰতলিত এটা ৫৯২ বৰ্গফুট এটা বাকচত সোমাই আছে৷ তেওঁ পানীৰ তলত ১০০ দিন থকাৰ এক নতুন অভিলেখ সৃষ্টি কৰিব বিচাৰিছে৷ নৌ সেনাৰ প্ৰাক্তন ডুবাৰু তথা বায়’মেডিকেলৰ ইঞ্জিনিয়াৰ দিতুৰীয়ে পানীৰ তলত থকাৰ সময়ত শৰীৰত ইয়াৰ চাপে সৃষ্টি কৰা প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি আছে৷ উল্লেখ্য যে তেওঁ সোমাই থকা বাকচটো নিকপকপীয়ালৈ বন্ধ কৰা নহয়৷ ইয়াৰ ভিতৰত কেইবাটাও ফুটা আছে আৰু বাকচটোৰ ভিতৰত পানী সোমাবও পাৰে৷ বাকচটোত থকা এয়াৰপকেটৰ সহায়ত তেওঁ উশাহ-নিশাহ লয়৷ এই এয়াৰপকেটে তেওঁৰ চৌদিশে চাপৰ সৃষ্টি কৰি থাকে৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি পানীৰ তলত বৃহৎ চাপৰ মাজত থকাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক৷ তাৰ পাছতো তেওঁ পানীৰ তলত থাকি ইয়াৰ চাপে মানুহৰ শৰীৰত কেনে প্ৰভাৱ পেলায়, সেই বিষয়ে জানিবলৈ বিচাৰিছে৷