মঙল গ্ৰহত বিভিন্ন ধৰণৰ আশ্চৰ্যকৰ শিলৰ আকৃতি আৱিষ্কাৰ কৰা হৈছে৷ গ্ৰহটোক অন্বেষণ কৰি থকা বিভিন্ন যানে এই আকৃতি তথা তথ্যৰ যোগান ধৰিছে৷ মঙল গ্ৰহত অভিযান চলাই থকা আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ পাৰ্ছিভৰেন্স ৰভাৰে গ্ৰহটো আন এক আ(ৰ্যকৰ আকৃতিৰ তথ্য দিছে৷ পাৰ্ছিভৰেন্স ৰ’ভাৰে গ্ৰহটোত টুপীৰ আকাৰৰ এক শিলাখণ্ডৰ ফটো প্ৰেৰণ কৰিছে৷ টুপীৰ আকৃতিৰ এই শিলাখণ্ডৰ সম্পৰ্কত নাছাৰ বিজ্ঞানীসকলে এতিয়ালৈকে বিশেষ একো তথ্য দিব পৰা নাই৷ ৰভাৰখনত থকা মাষ্টকেম-জেড কেমেৰাই এই আকৃতিটোৰ ফটো তোলে৷ বিজ্ঞানীসকলৰ মতে, এক বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা শিলে এনেধৰণৰ আকৃতি লয় আৰু ইয়াক ইংৰাজীত কেছ হাৰ্ডনিং বুলি কোৱা হয়৷ এই প্ৰক্ৰিয়াটোত শিলৰ বাহিৰৰ তৰপটো কঠিন হৈ পৰে আৰু ভিতৰভাগ নৰম হৈ থাকে৷ সময়ৰ লগে লগে এই শিলাখণ্ড ফোঁপোলা হৈ পৰে আৰু এনে ধৰণৰ ৰূপ লয়৷ গ্ৰহটোৰ মাৰ্জিন কাৰ্বনেট ইউনিটত এই টুপীৰ আকৃতিৰ শিলাখণ্ড দেখা পোৱা গৈছে৷