আশাৰ বতৰা : ভবাতকৈ চন্দ্ৰপৃষ্ঠ অধিক বাসোপযোগী

0
634

ভাৰতৰ চন্দ্ৰযান-৩ৰ সফলতাই সমগ্ৰ বিশ্বৰ কাৰণে এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ চন্দ্ৰ অভিযানৰ বাবে যোৱা চন্দ্ৰযান-৩এ চন্দ্ৰত ৰাতি আৰম্ভ হোৱাৰ লগে লগে   চন্দ্ৰযানৰ বিক্ৰম লেণ্ডাৰ আৰু ৰ’ভাৰ প্ৰজ্ঞানক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শ্লিপিং মুডত ৰাখিছে৷ কিন্তু সক্ৰিয় হৈ থকা অৱস্থাত চন্দ্ৰত চলোৱা অন্বেষণৰ সময়ত ৰ’ভাৰ প্ৰজ্ঞানে ভালেমান গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰিছে৷ চন্দ্ৰত মানুহে বাস কৰিব পাৰিবনে নোৱাৰে, সেই লৈ মানুহৰ মাজত অন্তহীন কৌতূহল আছিল৷ চন্দ্ৰযান-৩ এ এই প্ৰশ্নৰ উত্তৰো বিভিন্ন তথ্যৰে দিছে৷ বিক্ৰম লেণ্ডাৰ আৰু ৰ’ভাৰ প্ৰজ্ঞানে দিয়া তথ্যৰ পৰা জানিব পৰা মতে আশা কৰাতকৈ চন্দ্ৰপৃষ্ঠ অধিক বাসোপযোগী৷ বিজ্ঞানীসকলৰ মতে চন্দ্ৰৰ মাটিৰে তাপ প্ৰতিৰোধী সামগ্ৰী নিৰ্মাণ কৰিব পৰা যাব আৰু ইয়াৰ লগতে অক্সিজেনো পোৱা যাব৷ ইয়াৰ জৰিয়তে চন্দ্ৰত বিশাল আৰু মানৱ বসতিস্থল  স্থাপনৰ পথ মুকলি হ’ব পাৰে৷ চন্দ্ৰযান-৩এ চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰাৰ পাছতেই ভালেমান গুৰুত্বপূৰ্ণ তথ্য দিছে৷ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠৰ তলৰ মাটিৰ তাপ পৰীক্ষা কৰি এটা জানিব পাৰিছে যে চন্দ্ৰপৃষ্ঠ ৫০ ডিগ্ৰী চেলচিয়াছ গৰম৷ কিন্তু মাত্ৰ আঠ চেণ্টিমিটাৰ তলত তাপমাত্ৰা মাইনাছ ১০ ডিগ্ৰী চেলচিয়াছ৷ ইয়াৰ পৰা বিজ্ঞানীসকলে এই কথা জানিব পাৰিছে যে চন্দ্ৰৰ পৃষ্ঠভাগতকৈ তলৰ মাটি অধিক ঠাণ্ডা৷ আনহাতে বিক্ৰমে দিয়া তথ্য মতে চন্দ্ৰৰ পৃষ্ঠভাগৰ মাটি তাপ প্ৰতিৰোধী৷ চন্দ্ৰত দিনৰ ভাগত ১৩৩ ডিগ্ৰী চেলচিয়াছপৰ্যন্ত গৰম হয় আৰু নিশাৰ ভাগত তাপমাত্ৰা শূন্যৰ পৰা ২৩৩ ডিগ্ৰী চেলচিয়াছৰ তললৈ নামে৷ ইয়াৰ লগতে চন্দ্ৰত অক্সিজেন ইলমেনাইটৰ ৰূপত বৃহৎ পৰিমাণৰ অক্সিজেন থকা বুলি প্ৰজ্ঞানে জনাইছে৷ আন কথাত চন্দ্ৰত যিকোনো স্থানতে মানুহ থকাৰ কাৰণে ঘৰ সাজিব পৰা যাব৷ ইলমেনাইটৰ পৰা সহজে অক্সিজেন উৎপাদন কৰি মানুহে চন্দ্ৰত উশাহ ল’ব পাৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here