আশাৰ বতৰা : নাছাৰ প্ৰতিবেদনত মঙল গ্ৰহত জীৱ থকাৰ সম্ভাৱনা

0
837


মঙল গ্ৰহত জীৱৰ সম্ভাৱনাৰ সম্পৰ্কত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাৰ যান কিউৰিয়’ছিটি ৰ’ভাৰে এক আশাৰ বতৰা দিছে৷ বিভিন্ন দিশৰ পৰা পৃথিৱীৰ সৈতে সাদৃশ্য থকাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙা গ্ৰহটোত জীৱ থকাৰ সম্ভাৱনাও বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে মঙল গ্ৰহত কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰ’জেন, আৰ্গন আৰু অক্সিজেন আছিল বুলি তথ্য লাভ কৰা হৈছে৷ গ্ৰহটোত অন্বেষণ কৰি থকা যানখনে এক বিশেষ ধৰণৰ ষড়ভুজৰ আকৃতিৰ লগতে ভালদৰে সংৰক্ষিত হৈ থকা প্ৰাচীন মাটিৰ টুকুৰাৰ সন্ধান লাভ কৰিছে৷ ইয়াৰ জৰিয়তে গ্ৰহটোত প্ৰাৰম্ভিক অৱস্থাত তিতা-শুষ্ক চক্ৰৰ প্ৰমাণ হিচাপে ধৰা হৈছে৷ গ্ৰহটোত জীৱৰ সম্ভাৱনাৰ বিষয়ে নাছাৰ এখন প্ৰতিবেদন প্ৰকাশ পাইছে বিজ্ঞান বাৰ্তালোচনী নেচাৰত৷ ইয়াত যানখনৰ জৰিয়তে লাভ কৰা ফটোৰ পৰা ৰঙা গ্ৰহটোত জীৱ থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ মঙল গ্ৰহত মাজে মাজে পৰিৱেশ সেমেকা আৰু শুকান হৈ পৰাৰ ফলত মাটি ফাটি উক্ত ষড়ভুজৰ আকৃতিৰ সৃষ্টি হোৱা বুলি কোৱা হৈছে৷ বতৰৰ অহৰহ পৰিৱৰ্তনৰ কাৰণে তেনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ বিজ্ঞানীসকলৰ মতে যানখনে দিয়া তথ্যৰ পৰা ইয়াকে ক’ব পাৰি যে গ্ৰহটোত এসময়ত স্বাভাৱিক জলবায়ু আছিল৷ তেওঁলোকৰ মতে, সেমেকা আৰু শুকান চক্ৰই আণৱিক বিকাশ সুবিধাজনক কৰিছিল যাল ফলত তাত জীৱৰ জন্ম হৈছিল৷ অৱশ্যে পানী মানৱ জীৱনৰ বাবে অতি আৱশ্যক আৰু সেয়েহে এই দিশত অধিক অনুসন্ধান চলাই থকা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here