‘আশাৰ ওচৰত ভাগ্যও পৰাজিত হয়’

0
2315

ইতিবাচক ভাবধাৰাই আমাৰ বহুতো সমস্যাৰ সমাধান দিব পাৰে৷ মানসিক চাপ কমোৱা বা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, হৃদযন্ত্ৰৰ বিভিন্ন সমস্যা আদি নিৰ্মূল কৰাত ইতিবাচক চিন্তা-ভাবনাৰ ভূমিকা উল্লেখনীয়৷ কিন্তু আপুনি জানেনে?– ইতিবাচক চিন্তা-ভাবনাই আপোনাক দীৰ্ঘায়ু কৰিব পাৰে৷ এষাৰ কথা আছে- ‘আশাৰ ওচৰত ভাগ্যও পৰাজিত হয়’৷ ডিউক ইউনিভাৰ্ছিটি মেডিকেল চেণ্টাৰৰ মতে, হৃদৰোগত আক্ৰান্ত ব্যক্তি, যিসকল তেওঁলোকৰ চিকিৎসাক লৈ যথেষ্ট আশাবাদী, তেওঁলোক হতাশগ্ৰস্ত লোকসকলৰ তুলনাত বেছিদিন জীয়াই থাকে৷ আন এক অধ্যয়নত পোৱা গৈছে যে যিসকল লোক আশাবাদী হয়, তেওঁলোকৰ হৃদৰোগজনিত ৰোগৰ সম্ভাৱনা যথেষ্ট কম হয়৷ আশাবাদী লোকসকলে ভৱিষ্যতটো তেওঁলোকৰ হাতত থকা বুলি ভাবে বাবেই এনেধৰণৰ ইতিবাচক ভাবধাৰাই তেওঁলোকক জীয়াই থকাত প্ৰেৰণা যোগায়৷ এনে লোকসকলৰ বয়স বাঢ়িলেও সুস্বাস্থ্য অটুট ৰাখিব পাৰে৷ এনে লোকসকলৰ শৰীৰ দেখিবলৈ ধুনীয়া হোৱাৰ লগত দেহত বয়সৰ চাপ নপৰে৷ পদে পদে জীৱনত অহা ঘাত-প্ৰতিঘাতবোৰ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি জীৱনটো আগুৱাই নিয়াৰ ক্ষমতা থাকে কাৰণে আশাবাদী লোকসকলে বেছিদিন জীয়াই থাকে৷ আশাবাদী লোকসকলে যিকোনো কামতে অলপতে সন্তুষ্টি লাভ কৰে বাবে বহুতদিন জীয়াই থকাৰ সম্ভাৱনা বেছি হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here