আশংকা : বিশ্বৰ পৰা নোহোৱা হৈ যাব জিৰাফ

0
150


বিশ্বৰ পৰা এসময়ত জিৰাফ নোহোৱা হৈ পৰিব৷ এই আশংকা প্ৰকাশ কৰিছে জীৱ বিজ্ঞানীসকলে৷ যোৱা ৩০ বছৰত পৃথিৱীত জিৰাফৰ সংখ্যা প্ৰায় ৩০% হ্ৰাস পাইছে৷ এতিয়া আফ্ৰিকাৰ হাবিত প্ৰায় ৭০ হাজাৰ জিৰাফ বাচি আছেগৈ৷ পেনছিলভেনিয়া বিশ্ববিদ্যালয়ৰ ডেৰেক ই লিয়ে কৰা এটা অধ্যয়নৰ পৰা এই মত প্ৰকাশ কৰিছে পৃথিৱীৰ পৰা জিৰাফ বিলু¸প্ত হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ তেওঁৰ নেতৃত্বত গৱেষকৰ দল এটাই তাঞ্জানিয়াৰ তাৰানগিৰেত পৰিৱেশ তন্ত্ৰৰ কোনো সীমা নথকা প্ৰায় ৪,৫০০ বৰ্গ কিল’মিটাৰ অঞ্চলত থকা প্ৰায় ৩,১০০ জিৰাফৰ আঠ বছৰৰ তথ্য সংগ্ৰহ কৰে৷ ইয়াৰ পৰা তেওঁলোকে জানিব পাৰিলে যে বিগত ৫০ বছৰত পৰিৱেশ আৰু ভূমিৰ ব্যৱহাৰত হোৱা পৰিৱৰ্তনৰ ফলত জিৰাফৰ সংখ্যা ক্ৰমান্বয়ে কমিবলৈ ধৰিছে৷ উল্লেখযোগ্য যে জিৰাফৰ খাদ্য হিচাপে প্ৰচুৰ মাত্ৰাত ঘাঁহ-বনৰ লগতে গছৰ পাতৰ প্ৰয়োজন হয়৷ কিন্তু ছাভানা অঞ্চলত দিনক দিনে বনাঞ্চল হ্ৰাস পাই আহিছে৷ মানুহৰ বসতি স্থল আৰু খেতি-বাতি কৰাত ব্যৱহাৰ কৰা হৈছে জিৰাফ থকা বনাঞ্চল৷ আন কথাত জিৰাফৰ বাসস্থানৰ ক্ষতিয়ে ইয়াৰ সংখ্যাও কমাই আনিছে৷ এই অৱস্থা অব্যাহত থাকিলে এসময়ত পৃথিৱীৰ পৰা জিৰাফ নোহোৱা হৈ পৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here