আলোড়ন : বৰফৰ মাজত খোজ মিলিল ভাইৰাছ

0
75

ভাইৰাছৰ নাম শুনিলেই সকলোৰে চিন্তাৰ কাৰণ হৈ পৰে৷ এইবাৰ বৰফৰ ৰাজ্যত সেই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ বৰফৰ ৰাজ্যত সন্ধান পোৱা এই ভাইৰাছৰ আকৃতি সাধাৰণ ভাইৰাছতকৈ বহু ডাঙৰ৷ উল্লেখ্য যে ভাইৰাছ সকলো সময়তে মানুহৰ বাবে বিপজ্জনক আৰু চিন্তাৰ কাৰণ হৈ পৰে৷ সময়ে সময়ে বিশ্বজুৰি এই ভাইৰাছে আতংকৰ সৃষ্টি কৰি আহিছে৷ তাৰ শেহতীয়া উদাহৰণ হিচাপে ক’ভিড-১৯ মহামাৰী উল্লেখযোগ্য৷ এইবাৰ এনে এক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে বৰফৰ ৰাজ্যত৷ ৪০ বছৰৰ আগতে এই ভাইৰাছবিধ সমুদ্ৰৰ পানী পোৱা গৈছিল যদিও প্ৰথমবাৰৰ বাবে এইবাৰ বৰফল ৰাজ্যত ধৰা পৰে ইয়াৰ উপস্থিতি৷ সন্ধান লাভ কৰা উক্ত ভাইৰাছবিধ সাধাৰণ ভাইৰাছতকৈ আকৃতিত যথেষ্ট ডাঙৰ যদিও খালী চকুৰে দেখাটো সম্ভৱপৰ নহয়৷ বিজ্ঞানীসকলে সদৰী কৰিছে যে বৰফৰ এই ৰাজ্যত মানুহৰ বসতি নহ’লেও ভাইৰাছবিধ কিবা প্ৰকাৰে হ’লেও মানৱ সভ্যতাত প্ৰভাৱ বিস্তাৰ কৰিব৷ সেয়ে বিজ্ঞানীয়ে চিন্তা ব্যক্ত কৰিছে যে বিশ্বৰ উষ্ণায়নৰ ফলস্বৰূপে বৰফৰ স্তৰ দ্ৰুতভাৱে গলিবলৈ আৰম্ভ কৰিছে৷ যাৰ বাবে সমুদ্ৰৰ পানী বা স্তৰ বাঢ়ি বৰফত বাস কৰা ভাইৰাছৰ বিস্তাৰ ঘটাৰ সম্ভাৱনা থাকে আৰু এইধৰণৰ ভাইৰাছৰ বিস্তাৰে মানৱ সমাজৰ বাবে অশনি সংকেত কঢ়িয়াই আনিব পাৰে৷ অৱশ্যে বিজ্ঞানীসকল আন এক কথাইহে সকলোক আচৰিত কৰিছে৷ এই ভাইৰাছবিধ বৰফৰ দ্ৰুত গলন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰাৰ ক্ষমতা আছে৷ যাৰ বাবে বৰফৰ গলন প্ৰক্ৰিয়া হ্ৰাস পায়৷ এইটো খবৰ অৱশ্যে মানৱ সভ্যতাৰ কাৰণে ভাল খবৰ বুলি লাগিব৷ উল্লেখ্য যে গ্ৰীনলেণ্ডৰ সীমাহীন বৰফৰ ৰাজ্যত এই ভাইৰাছৰ অৱস্থিতি ধৰা পেলাইছে বিজ্ঞানীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here