আলু সদৃশ ক্ষুদ্ৰ গ্ৰহতআছে সোণৰ ভাণ্ডাৰ

0
262


মহাকাশত বিজ্ঞানীয়ে আমাৰ সৌৰজগতত এটা বিশেষ ধৰণৰ গ্ৰহাণু আৱিষ্কাৰ কৰিছে৷ আলুৰ আকাৰৰ এই গ্ৰহাণুটো সোণৰ ভাণ্ডাৰ বুলি কোৱা হয়৷ এই গ্ৰহাণুটোক ক্ষুদ্ৰ গ্ৰহ বুলিও কোৱা হয়৷ এই গ্ৰহাণুটোৰ নাম হ’ল ১৬ চাইকে৷ বিজ্ঞানীসকলে বিগত বছৰবোৰত সৌৰজগতৰ কেইবাটাও ক্ষুদ্ৰ গ্ৰহ আৱিষ্কাৰ কৰিছে৷ ইয়াৰ ভিতৰত ১৬ চাইকে ষষ্ঠদশ ক্ষুদ্ৰ গ্ৰহ৷ কিন্তু এই গ্ৰহটোত থকা সোণৰ ভাণ্ডাৰে বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে৷ এই ক্ষুদ্ৰ গ্ৰহটো ১৮৫২ চনতে ইটালিৰ জ্যোতিৰ্বিদ এনিবেল ডি গেস্পাৰিছে আৱিষ্কাৰ কৰিছিল৷ কিন্তু এই ক্ষুদ্ৰ গ্ৰহটো যে সোণৰ ভাণ্ডাৰ, সেই তথ্য বিজ্ঞানীসকলে বহু বছৰ পাছতহে লাভ কৰে৷ বিজ্ঞানীয়ে অত্যাধুনিক সঁজুলিৰে ১৬ চাইকোক অধ্যয়ন কৰাৰ পাছতে এই তথ্য লাভ কৰিবলৈ সক্ষম হয়৷ এই ক্ষুদ্ৰ গ্ৰহটো মঙল আৰু বৃহস্পতিৰ মাজত আছে আৰু সূৰ্যক পৰিভ্ৰমণ কৰি আছে৷ গ্ৰহটোৰ কেন্দ্ৰভাগ নিকেল আৰু লোৰে গঠিত৷ জনা মতে এই গ্ৰহটোত সোণৰ লগতে বৃহৎ পৰিমাণৰ প্লেটিনামো আছে৷ উল্লেখ্য যে নাছাই এই ক্ষুদ্ৰ গ্ৰহটোত ২০১৩ চনতে অভিযান চলোৱাৰ পৰিকল্পনা কৰিছিল যদিও এই অভিযান আধৰুৱা হৈয়ে আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here