আলাস্কা উপসাগৰৰ ধূলিৰ ধুমুহাইবিশ্বৰ জলবায়ুত প্ৰভাৱ পেলোৱাৰ আশংকা

0
359


পৃথিৱীত জলবায়ুৰ সৈতে জড়িত এনেকুৱা কিছুমান ঘটনা ঘটে, যিবোৰ দেখাত স্থানীয় যদিও ইয়াৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিব পাৰে৷ এনেকুৱা এক ঘটনাৰ ইংগিত দিছে আলাস্কা উপসাগৰত হোৱা ধূলিৰ ধুমুহাই৷ এই ধূলিৰ ধুমুহাই বিশ্বৰ জলবায়ুত প্ৰভাৱ পেলোৱাৰ আশংকাই দেখা দিছে৷ বহু দূৰলৈকে বিয়পি পৰা আলস্কাৰ এই ধূলিৰ ধুমুহাই পৃথিৱীক পৰিভ্ৰমণ কৰি থকা কৃত্ৰিম উপগ্ৰহবোৰৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ আলস্কাৰ এই ধূলিৰ ধুমুহাই বিশ্বৰ জলবায়ুত কেনে ধৰণৰ প্ৰভাৱ পেলাব সেই তথ্য পোহৰলৈ আহিছে শেহতীয়াকৈ কৰা এটা অধ্যয়নৰ পৰা৷ লীড্‌ছ বিশ্ববিদ্যালয় আৰু নেশ্যনেল চেণ্টাৰ ফৰ এটমস্ফিয়েৰিক ছায়েন্সৰ গৱেষকসকলৰ মতে আলাস্কা উপসাগৰৰ এই বিশাল ধূলিৰ ধুমুহাই সমগ্ৰ বিশ্বৰ তাপমাত্ৰাত প্ৰভাৱ পেলাব পাৰে৷ বায়ুমণ্ডলত থকা ধূলিৰ কণাবোৰ পৰ্যাপ্ত কম তাপমাত্ৰাত আইন নিউক্সিয়েটিং কণালৈ পৰিৱৰ্তন হ’ব পাৰে৷ ই অনুঘটকৰ দৰে কাম কৰি ডাৱৰত বৰফৰ স্ফটিকৰ সৃষ্টি কৰিব পাৰে৷ বৰফৰ মাত্ৰা অনুসৰি এই কণাবোৰৰ সংখ্যা, ইয়াৰ প্ৰকৃতি, ডাৱৰত বৰফৰ সৃষ্টিয়ে বিশ্বৰ উষ্ণতা অধিক বৃদ্ধি কৰিব পাৰে বা কম কৰিব পাৰে৷ এই অধ্যয়নটোৰ প্ৰতিবেদনত আমাৰ গ্ৰহটো জটিল জলবায়ু প্ৰণালীত ধূলিৰ ভূমিকাৰ বিষয়ে গভীৰভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here