আয়ুৰ্বেদৰ মতে এইকেইটা কাম নিয়মিতভাৱে কৰক

0
71

আমি প্ৰত্যেকেই পুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে বিভিন্ন কাম কৰোঁ৷ কামৰ পৰা যেন আহৰিয়েই নাই৷ লগতে খোৱা-লোৱাৰ সঠিক সময় নোহোৱা, ব্যস্ততা, স্ত্ৰেচ আদিত নিজৰ কথা পাহৰিয়েই যোৱা হয়৷ অৱশ্যে ইয়াৰ মাজতে কিছু স্বাস্থ্য-সচেতন লোকো আছে, যিয়ে নিজৰ দেহটোৰ যতনৰ বাবে একো নকৰাও নহয়৷ আয়ুৰ্বেদৰ মতে আমি দিনটোৰ আৰম্ভণিৰ পৰা ৰাতি শোৱালৈ যদি এই কামকেইটা কৰোঁ, তেন্তে আমি বিভিন্ন ধৰণৰ ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰোঁ৷
পুৱা সোনকালে অন্ততঃ সাত বজাৰ আগতে শোৱাপাটী এৰি খুব বেছি এঘণ্টাৰ কাৰণে যোগ, প্ৰাণায়াম বা শৰীৰচৰ্চা কৰা উচিত৷
গৰম পানীত নিমখ মিশ্ৰণ কৰি দিনে দুবাৰকৈ গাৰ্গল কৰিব লাগে৷
বাহিৰলৈ ওলাই যোৱাৰ আগতে আৰু বাহিৰৰ পৰা ঘৰলৈ অহাৰ পাছত তিলৰ তেল পাঁচটোপালকৈ নাকত দিব লাগে৷
দিনত আহাৰ খোৱাৰ পাছত লগে লগে শুই নিদিব৷
দিনে দুবাৰকৈ ত্ৰিফলা পানীৰে চকু ধোৱা উচিত৷
ৰাতি আঠ ঘণ্টাকৈ শোৱা অত্যন্ত জৰুৰী৷ ভাল টোপনি অহাৰ বাবে ভৰিৰ তলুৱাত তেল মালিচ কৰি শোৱাৰ অভ্যাস কৰক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here