আয়ুৰ্বেদত মহৌষধ ক’লা হালধিৰ উপকাৰিতা

0
12

বিভিন্ন ঔষধি গুণৰ ভাণ্ডাৰ ক’লা হালধি কৃষিকাৰ্যত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিকাৰী, এণ্টিকাৰ্চিনোজেনিক বৈশিষ্ট্যসহ বিভিন্ন গুণৰ অধিকাৰী ক’লা হালধিৰ চাহিদা দিনকদিনে বৃদ্ধি হৈ গৈ আছে৷ উত্তৰ-পূব ভাৰতৰ মাটিৰ বাবে অতি উপযোগী এই ক’লা হালধি কৃষি উৎপাদনৰ চাহিদা বৃদ্ধিৰ বাবে ¸কৃষকে ব্যাপকভাৱে ৰোপণ কৰিছে৷ বিশেষজ্ঞই জনোৱা মতে ক’লা হালধিত এণ্টিঅক্সিডেণ্ট প্ৰচুৰ পৰিমাণে পোৱা যায়৷ ইয়াৰ বৈজ্ঞানিক নাম কাৰকুমা ছিজিয়া৷ ইয়াৰ পৰা ৰস উলিয়াই ক্ষত তথা সাপে কামু্‌ৰিলে ক্ষতস্থানৰ বিষনাশক ঔষধৰূপে প্ৰয়োগ কৰা হয়৷ আয়ুৰ্বেদ চিকিৎসাত বিভিন্ন ঔষধ প্ৰস্তুত কৰিবলৈ ক’লা হালধি ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়৷ ক’লা হালধিয়ে নিউম’নিয়া, কাহ, জ্বৰ, হাঁপানি আনকি কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰো ঔষধ প্ৰস্তুতত বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ ঔষধৰ উপৰিও বিভিন্ন প্ৰসাধনী পণ্যদ্ৰব্যত ক’লা হালধি ব্যৱহাৰ কৰা হয়৷ আনহাতে ক’লা হালধিত শক্তিশালী এণ্টিবায়’টিক উপাদান পোৱা যায়৷ এই উপাদানে ক্ষত, চৰ্মৰোগ, হজম শক্তি তথা লিভাৰৰ সমস্যা সমাধান কৰিব পাৰে৷ আনহাতে ক’লা হালধিয়ে কলেষ্টৰেল কমোৱাত সহায় কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here