আমেৰিকাত ৰন্ধন প্ৰণালীত সৰিয়হ তেল নিষিদ্ধ কিয় ?

0
162

ভাৰতসহ এছিয়াৰ প্ৰায়ভাগ দেশেই ৰন্ধন কাৰ্যত ভোজ্য তেল হিচাপে সৰিয়হৰ তেলৰ প্ৰচলন অত্যধিক৷ মূলতঃ ৰন্ধন প্ৰণালীত ভাৰতীয়সকলে সৰিয়হৰ তেলহে ব্যৱহাৰ কৰে৷ পাকঘৰত সৰিয়হৰ তেল অবিহনে কোনো ব্যঞ্জনেই প্ৰস্তুত নহয়৷ নাৰিকল তেল, অলিভ অইল আদিও ৰন্ধনত ব্যৱহাৰ হ’লেও সৰিয়হৰ তেলৰ প্ৰচলন ভাৰতসহ এছিয়াৰ দেশবোৰত বেছি৷ কিন্তু জানি হয়তো অবাক হ’ব যে বিশ্বৰ এনে কিছুমান দেশ আছে, যিবোৰ দেশত ৰন্ধন কাৰ্যত সৰিয়হৰ তেলৰ ব্যৱহাৰ নিষিদ্ধ৷ ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ অন্যতম৷ যুক্তৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে ভোজ্য তেল হিচাপে সৰিয়হৰ তেলৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে৷ আনহাতে কানাডা তথা ইউৰোপৰ একাধিক দেশেও ৰন্ধন প্ৰণালীত এই তেল নিষিদ্ধ কৰিছে৷ আনহাতে সৰিয়হৰ তেল আমেৰিকাৰ দৰে সম্পূৰ্ণ নিষিদ্ধ নকৰিলেও অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আদি দেশত সৰিয়হৰ তেল ৰন্ধনক কিমান পৰিমাণৰ দিয়া উচিত, তাৰ মাপকাঠী স্থিৰ কৰা আছে৷ মাৰ্কিন ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ মতে সৰিয়হৰ তেলত ইৰুচিক এচিডৰ মাত্ৰা অতি বেছি৷ এনে ফেটি এচিডে মানুহৰ বাবে স্বাস্থ্যকৰ নহয় বুলি দাবী কৰিছে মাৰ্কিন খাদ্য দপ্তৰে৷ সংস্থাটোৱে জনোৱা মতে এচিড বেছি মাত্ৰাত শৰীৰলৈ যোৱাৰ ফলত বিপাক ক্ৰিয়াৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়৷ যাৰ বাবে সৰিয়হৰ তেল খোৱাৰ ফলত হজম হ’বলৈ সময় লয় আৰু পেটৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে বুলি সংস্থাটেৰো ফালৰ পৰা দাবী কৰিছে৷ ইয়াৰ লগতে এই যৌগ বেছি পৰিমাণে শৰীৰত প্ৰৱেশ কৰাৰ ফলত মস্তিষ্কৰ ক্ষতি হ’ব পাৰে৷ যাৰ ফলত স্মৃতিশক্তি লোপ পাব পাৰে৷ সৰিয়হৰ তেল বেছিকৈ খোৱাৰ ফলত হূদপেশীত চৰ্বি জমা হৈ হৃদৰোগৰ সম্ভাৱনা বাঢ়িব পাৰে৷ সেয়ে ৰন্ধন প্ৰণালীত আমেৰিকাবাসীয়ে সৰিয়হৰ তেলৰ সলনি ছয়াবিন তেল বা অলিভ অইল ব্যৱহাৰ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here