আমেৰিকাত ১১ ডিচেম্বৰৰ পৰা টিকাকৰণ

0
1822

কৰ’না ভাইৰাছৰ সংক্ৰমণে বিশ্বৰ ভিতৰতে আটাইতকৈ গুৰুতৰ ৰূপ ধাৰণ কৰা আমেৰিকাত অচিৰেই জৰুৰীভাৱে কৰ’না ভেকচিনৰ টিকাকৰণ আৰম্ভ কৰা হ’ব৷ দেশখনত ১১ ডিচেম্বৰৰ পৰা কৰ’না ভেকচিনৰ টিকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ ইফালে ডিচেম্বৰত ব্ৰিটেইন আৰু জাৰ্মানিতো কৰ’না ভেকচিনৰ টিকাকৰণ আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে৷ আনহাতে ভাৰতৰ স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে প্ৰকাশ কৰা অনুসৰি অহা বছৰৰ প্ৰথম তিনি মাহৰ ভিতৰত ভাৰতে কৰ’না ভাইৰাছৰ ভেকচিন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ আমেৰিকাৰ কভিড ভেকচিন টাস্কৰ মুৰব্বী মনচেফ চলয়ে প্ৰকাশ কৰা অনুসৰি, দেশখনত ১১ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে কৰ’না ভেকচিনৰ টিকাকৰণ আৰম্ভ হ’ব৷ আমেৰিকাত ফুড এণ্ড ড্ৰাগ্‌ছ এডমিনিষ্ট্ৰেশ্যনৰ দহ ডিচেম্বৰত এখন জৰুৰী বৈঠক আহ্বান কৰা হৈছে৷ এই বৈঠকতে ভেকচিনৰ টিকাকৰণৰ অনুমতি দিয়া হ’ব৷ স্পেইনত জানুৱাৰীৰ পৰা টিকাকৰণ আৰম্ভ কৰাৰ সম্ভাৱনা আছে৷ জাৰ্মানিৰ স্বাস্থ্য মন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, দেশখনে কৰ’না ভেকচিনৰ টিকাকৰণৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ তেওঁ লগতে কয় যে ডিচেম্বৰৰ মাজভাগৰ পৰা এই কাম আৰম্ভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here