আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন চমুকৈ এফ ডি এয়ে প্ৰথমবাৰৰ বাবে ছিকল চেল ডিজিজত আক্ৰান্ত ১২ তথা তাতকৈ বেছি বয়সৰ ৰোগীৰ ক্ষেত্ৰত জিন থেৰাপীৰ অনুমোদন জনাইছে৷ ইয়াৰ বাবে কেছগেভি আৰু লিভজেনিয়া চিকিৎসা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত এছ চি ডি আক্ৰান্তৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয়৷ এই এছ চি ডি হৈছে একধৰণৰ তেজৰ ৰোগ আৰু এই ৰোগবিধত আমেৰিকাৰ লক্ষাধিক ব্যক্তি আক্ৰান্ত হৈছে৷ এই ৰোগ আক্ৰান্ত হোৱা সৰহভাৱেই হৈছে এফ্ৰো-আমেৰিকান মূলৰ৷ আন একধৰণৰ ৰোগ হিম্পানিকত আমেৰিকানৰ বহু লোক আক্ৰান্ত হৈছে৷ এই ৰোগত আক্ৰান্ত ব্যক্তিৰ লোহিত ৰক্ত কণিকাবোৰ অধাৰ্চন্দ্ৰাকৃতিৰ হয় আৰু লোহিত ৰক্ত কণিকাই তেজৰ চলাচলত বাধাৰ সৃষ্টি কৰে৷ ইয়াৰ লগতে শৰীৰৰ অক্সিজেনত সৰবৰাহতো এই ৰোগে বাধাৰ সৃষ্টি কৰে৷ ৰোগত আক্ৰান্ত ব্যক্তিৰ দেহৰ অংগ-প্ৰত্যংগবোৰ লাহে লাহে অকামিলা হৈ বিকল হ’বলৈ আৰম্ভ কৰে৷ বহুক্ষেত্ৰত ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰে৷ এই ৰোগবিধ সম্পৰ্কত এফ ডি এৰ অফিচ অব থেৰাপিউটিক প্ৰডাক্টছৰ সঞ্চালক নিকোল ভাৰডানে কয় যে এছ চি ডি এখ বিৰল ৰোগ৷ এফ ডি এয়ে এই ৰোগবিধৰ ক্ষেত্ৰত যি জিন থেৰাপীৰ অনুমোদন জনাইছে, সেয়া ৰোগবিধৰ চিকিৎসাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ আনহাতে এফ ডি এৰ বিষয়ববীয়া পিটাৰ মাৰ্কছে কয় যে এছ চি ডিৰ চিকিৎসাৰ ক্ষেত্ৰত জিন থেৰাপীৰ অনুমোদনে চিকিৎসা ক্ষেত্ৰত এক মাইলষ্টন হিচাপে ধৰা হৈছে৷