আমাৰ হামি কিয় আহে?

0
3079

হামি এনে এটা প্ৰক্ৰিয়া, যাৰ জৰিয়তে হাঁওফাঁওলৈ যথেষ্ট পৰিমাণৰ বায়ু চলাচল হয়৷ ই এবিধ সংক্ৰামক প্ৰক্ৰিয়া৷ সাধাৰণতে আমাৰ অত্যধিক ভাগৰ লগা, টোপনি ভাব অহা, আমনি লগা অৱস্থাত হামি আহে আনকি ওচৰত কোনোবাই হামি মাৰিলে, হামি মৰা দেখিলে বা শুনিলে আপোনাআপুনি হামি আহিব পাৰে৷ যদিও বিজ্ঞানীসকলে এতিয়াও ইয়াৰ নিৰ্ণায়ক তথ্য জানিব পৰা নাই, তথাপি ‘ইণ্টাৰনেশ্যনেল জাৰ্নেল অব্‌ এপ্লাইড এণ্ড বেছিক মেডিকেল ৰিছাৰ্চ’ত ২০১৩ চনত প্ৰকাশিত এটা তথ্যৰ পৰা জানিব পৰা গৈছে যে হামিয়ে আমাৰ মস্তিষ্কৰ উষ্ণতা শীতল কৰি ৰখাত সহায় কৰে৷ আনকি গৰ্ভাৱস্থাত থকা শিশুৱেও হামি কাঢ়ে বুলি তথ্যত পোৱা গৈছে৷ টোপনি লাগিলে, শৰীৰত ক্লান্ত অনুভৱ হ’লে তেজত অক্সিজেনৰ অভাৱ ঘটিবলৈ ধৰে৷ সেইকাৰণে আমি হামি কাঢ়োঁ৷ এনে অৱস্থাত উশাহ-নিশাহৰ পৰিমাণ কমি যায়৷ তেতিয়া হামিৰ দ্বাৰা আমাৰ প্ৰয়োজনীয় অক্সিজেনখিনি তেজলৈ সৰবৰাহ হয়৷ হামিয়ে আমাৰ মুখৰ লগতে মগজুলৈ তেজৰ সৰবৰাহ কৰে, যাৰ দ্বাৰা আমাৰ সক্ৰিয়তা বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here