আমাজন বৰ্ষাৰণ্যতৰহস্যজনক ভাস্কৰ্য

0
430


আমাজন বৰ্ষাৰণ্যত মানুহৰ মুখৰ সৈতে সাদৃশ্য থকা এক ৰহস্যজনক ভাস্কৰ্য দেখিবলৈ পোৱা হৈছে৷ এই শিল্প-ভাস্কৰ্যসমূহ প্ৰায় দুহেজাৰ বছৰ পুৰণি বুলি কোৱা হৈছে৷ এই আকৃতিসমূহ বছৰ বছৰ ধৰি নেগ্ৰ’ নদীৰ পানীৰ তলত আছিল৷ খৰাঙৰ কাৰণে নদীখনৰ পানী শুকাই যোৱাত এতিয়া এইবোৰ ওলাই পৰিছে৷ উল্লেখ্য যে নদীৰ তলৰ শিলত থকা এই ভাস্কৰ্যসমূহ ২০১০ চনতো দেখা পোৱা গৈছিল, কিন্তু এদিনৰ বাবেহে৷ বৈজ্ঞানিকসকলে মানুহৰ মুখৰ আকৃতিৰ এই শিল্প-ভাস্কৰ্যসমূহ দেখি আচৰিত হৈ পৰে আৰু ইয়াৰ আঁৰত লুকাই থকা আ(ৰ্য তথা ৰহস্য উদঘাটনৰ প্ৰচেষ্টা আৰম্ভ কৰিছে৷ ডেইলী ষ্টাৰত প্ৰকাশ পোৱা অনুসৰি প্ৰাচীন মানুহৰ মুখৰ আকৃতিৰ এই ভাস্কৰ্যসমূহ ব্ৰাজিলৰ মানাউছৰ কাষৰ নদীৰ তলত পোৱা গৈছে৷ এই স্থানতে ৰিয়’ নেগ্ৰ’ আৰু আমাজনৰ সংযোজন হৈছে৷ খোদিত এই ভাস্কৰ্যত মানুহৰ মুখৰ উপৰি জন্তুৰ আকৃতিও দেখা পোৱা গৈছে৷ এই আকৃতিসমূহক পেট্ৰগ্লিফ্‌ছ বুলি কোৱা হয়৷ ব্ৰাজিলিয়ান ইনষ্টিটিউট অব্‌ হিষ্টৰিকেল হেৰিটেজৰ জেম অলিভেৰাৰ মতে, এই শিল্পসমূহ ‘কমপ্লেক্স গ্ৰাফিক আৰ্ট’৷ ইয়াত সুখ আৰু উদাস দুয়োটাই দেখা পোৱা গৈছে৷ ই চিকাৰ আৰু চিকাৰীক বুজোৱা বুলিও ক’ব পাৰি বুলি তেওঁ কয়৷ বৈজ্ঞানিকসকলে এই ভাস্কৰ্যসমূহৰ ৰহস্য উদঘাটন কৰাৰ বাবে চেষ্টা কৰি আছে৷ মন কৰিবলগীয়া যে খৰাঙৰ কাৰণে প্ৰথমবাৰলৈ এই বছৰ দীৰ্ঘদিন এই ভাস্কৰ্যসমূহ ওলাই পৰে৷ অহা মাহত নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে পুনৰ তল যাব বুলি কোৱা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here