আবেলি খোজকঢ়া নে মৰ্নিং ৱাক বেছি উপকাৰী?

0
60

শাৰীৰিক ব্যায়াম হিচাপে বহুতেই যিমানেই ব্যস্ততা নাথাকক লাগিলে পুৱাৰ ভাগত মৰ্নিং ৱাক কৰি উঠিহে পাছত দিনটোৰ নিজৰ কাম কৰিবলৈ লয়৷ মানুহৰ এইটো এটা অভ্যাসলৈ পৰিৱৰ্তন হয়৷ আনহাতে আন কিছুমানৰ ক্ষেত্ৰত বিভিন্ন ডায়েবেটিছ, প্ৰেছাৰকে ধৰি বিভিন্ন শাৰীৰিক ৰোগৰ বাবে চিকিৎসকৰ পৰামৰ্শ অনু¸সৰি পুৱাৰ ভাগত খোজ কাঢ়িবলৈ লয়৷ অৱশ্যে কাৰণ যিয়েই নাথাকক কিয়, পুৱাৰ ভাগত মৰ্নিং ৱাক কৰিলে শৰীৰটো নিৰোগী হৈ থাকে৷ বিভিন্ন ৰোগৰ পৰা উপশম পোৱাৰ লগতে মনটোও সজীৱ তথা দিনটোৰ বাবে প্ৰফুল্লিত হৈ থাকে৷ বহুতেই আকৌ আবেলি সময়তো খোজ কাঢ়ে শাৰীৰিক ব্যায়াম হিচাপে বা ৰোগৰ পৰা সকাহ পাবলৈ৷ এতিয়া কথা হ’ল আবেলি খোজকঢ়া বা পুৱাৰ ভাগত খোজকঢ়া কোনটো বেছি পাৰফেক্ট৷ অৰ্থাৎ স্বাস্থ্যৰক্ষাৰ বাবে মৰ্নিং ৱাক কৰা নে আবেলি খোজ কঢ়াটো বেছি কাৰ্যকৰী, সেই বিষয়ে জানো আহক৷
টাইমছ অব্‌ ইণ্ডিয়াত প্ৰকাশিত এক ৰিপ’ৰ্ট অনুসৰি পুৱা তথা আবেলি খোজকাঢ়িলে সুকীয়া সুকীয়া সুবিধা তথা উপকাৰিতা আছে৷ প্ৰাতঃভ্ৰমণ বা মৰ্নিং ৱাক কৰিলে শৰীৰৰ মেটাবলিজম প্ৰক্ৰিয়া আৰম্ভ কৰাত সহায় কৰে৷ যি প্ৰক্ৰিয়াই শৰীৰৰ পৰা গোটেই দিনত কেলৰি বাৰ্ন হোৱাত সহায় কৰে৷ আনহাতে পুৱাৰ সূৰ্যৰ পোহৰ শৰীৰৰ পৰিলে শৰীৰে গোটেই দিনটো পৰিশ্ৰম কৰাৰ ক্ষমতা পায়৷ ইয়াৰ লগতে এনে শাৰীৰিক কৰ্মৰ ফলত নিশালৈ সুন্দৰ টোপনি আহে বাবে মন-মেজাজ ভালে থাকে৷ সূৰ্যৰ পোহৰৰ শৰীৰৰ ৰাতিপুৱাই পৰাৰ ফলত মনটো অত্যন্ত উৎফুল্ল হৈ থাকে বাবে মানসিক চাপ, ষ্ট্ৰেচৰ পৰা মুক্ত হৈ থাকিব পাৰি৷ মৰ্নিং ৱাক কৰাৰ ফলত শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত হয়৷ যাৰ বাবে মস্তিষ্কলৈ অক্সিজেনৰ যোগান বাঢ়ে৷ ইয়াৰ বাবে মস্তিষ্কৰ কাৰ্যক্ষমতা বৃদ্ধি হৈ যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত স্বচ্ছতা হৈ সফলতা লাভ কৰিব পাৰে৷ পুৱাৰ ভাগত বায়ু প্ৰদূষণৰ মাত্ৰা কমি থাকে৷ যাৰ ফলত তুলনামূলকভাৱে পৰিৱেশটো পৰিষ্কাৰ তথা প্ৰদূষণমুক্ত হৈ থাকে৷ এনে পৰিৱেশত খোজ কঢ়া শৰীৰৰ বাবে স্বাস্থ্যকৰ৷ আনহাতে গোটেই দিনটো ব্যস্ততাৰ অন্তত আবেলি খোজকাঢ়িলে ৰিলাক্স পোৱা যায়৷ ইয়াৰ ফলত ৰাতি টোপনি ভাল হয়, অনিদ্ৰাৰ সমস্যা নোহোৱা হয় আবেলি খোজ কঢ়াৰ ফলত৷ আবেলি খোজকাঢ়িলে মানসিক ক্লান্তি দূৰ হয়৷ আবেলি খোজ কাঢ়িলে পেছাদাৰী ক্ষেত্ৰৰ ভাবনাৰ পৰা ব্যক্তিগত জীৱনৰ ভাবনাত সোমোৱাত সহায় কৰে৷ ইয়াৰ উপৰি ৰাতি খোৱাৰ পাছত খোজকাঢ়িলে খোৱা খাদ্য হজম হোৱাত সহায় কৰে৷ যাৰ ফলত গেছ, এচিডিটি আদিৰ দৰে সমস্যাৰ পৰা হাত সাৰিব পাৰি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here