আপোনাৰ চুলি দীঘল হোৱা নাই নেকি?

0
571
বহুতো মহিলাই চুলি সোনকালে বৃদ্ধি নোহোৱা সমস্যাত ভোগে৷ কিছুমানেতো চুলি কাটিবলৈও ভয় কৰে, জানোচা চুলি কটাৰ পাছত দীঘল নহয়েই৷ কিয়নো একোছা সুন্দৰ চুলিয়েই এগৰাকী মহিলাৰ সৌন্দৰ্য ফুটাই তোলে৷ কিন্তু আজিকালি বিভিন্ন ধৰণৰ মানসিক চাপ, হৰমনৰ অসন্তুলন, শৰীৰত পৰ্যাপ্ত পুষ্টিৰ অভাৱ, অনিদ্ৰা, হজমৰ সমস্যা আদি বিভিন্ন সমস্যাৰ প্ৰভাৱ আমাৰ শৰীৰৰ অন্য অংগৰ লগতে চুলিতো পৰে৷ ফলত চুলি সৰা, সোনকালে দীঘল নোহোৱা আদি সমস্যাই দেখা দিয়ে৷ আপোনাৰো চুলি দীঘল হোৱা নাই নেকি? তেন্তে লওক এইকেইটা টিপ্‌ছ৷

(১) কণীৰ কুহুম, দৈ আৰু মৌ একেলগে মিশ্ৰণ কৰি লওক৷ এতিয়া চুলিখিনি সামান্য ভিজাই লৈ তৈয়াৰ কৰি থোৱা মিশ্ৰণখিনি আধা ঘণ্টামান চুলিত লগাই ধুই দিয়ক৷ এনেদৰে সপ্তাহত এবাৰ ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব পাৰিব৷

Apply these Egg mask to get healthy and straight hairs | NewsTrack English 1


(২) চুলি সোনকালে দীঘল কৰিবলৈ আমলখি বিশেষভাৱে কাৰ্যকৰী৷ দুচামুচ আমলখিৰ গুড়িৰ লগত এটা কণীৰ কুহুম আৰু কেষ্টৰ অইল মিশ্ৰণ কৰি আধা ঘণ্টা চুলিত লগাই ধুই দিয়ক৷ আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন-C থাকে, যি আমাৰ চুলিৰ বাবে উপকাৰী৷

How To Use Eggs For Hair Growth? - Best Methods


(৩) নিমপাত বটি মূৰৰ তালুত ১৫-২০ মিনিট সময় ৰাখি ছেম্পুৰে ধুই দিয়ক৷ তালু পৰিষ্কাৰ কৰাত নিমপাত বিশেষভাৱে কাৰ্যকৰী৷ আৰু পৰিষ্কাৰ চুলি তথা পৰিষ্কাৰ তালুত চুলি সোনকালে বৃদ্ধি পায়৷

Use of Neem Leaves for hair loss treatment! – GAHOIMUMBAI


(8) জজোবা অইল চুলিৰ কাৰণে খুব ভাল৷ চুলিৰ গ্ৰন্থিৰ বিকাশৰ বাবে মাচাজৰ খুবেই প্ৰয়োজন৷ ইয়াৰ বাবে আপুনি জজোবা অইল চুলিৰ গুৰিত মাচাজ কৰিব পাৰে নাইবা জজোবা অইলৰ লগত অলপ এলোভেৰা জেল মিশ্ৰণ কৰি হেয়াৰ মাস্ক হিচাপেও ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব পাৰিব৷

Jojoba Oil for Hair: Loss, Benefits, and How to Use

LEAVE A REPLY

Please enter your comment!
Please enter your name here