আজিকালি প্ৰায়সকলৰ লোকৰে ঘৰত এটাকৈ পোহনীয়া কুকুৰ থাকে আৰু তাক গৃহস্থই নাখায়ো অতি আদৰেৰে খুৱায় আৰু পৰিচৰ্যা কৰে৷ কিছুমানৰ ক্ষেত্ৰততো ঘৰুৱা কুকুৰটোৱে সুখে-দুখে লগৰীয়া হয়, ঘৰৰ এটা অন্যতম সদস্য হৈ পৰে৷ আপোনাৰ অতি মৰমৰ ঘৰত পোহা কুকুৰটোৰ ছালৰ ৰোগে দেখা দিলে নিশ্চয় চিন্তাৰ বিষয় হৈ পৰে৷ তেনে অৱস্থাত ঘৰুৱাভাৱে কিছু পদ্ধতিৰে যত্ন ল’লে সুফল পাব পাৰে৷ মানুহৰ দৰে জীৱ-জন্তুৰো কেতিয়াবা ছালৰ সমস্যা হোৱা দেখা যায়৷ উপযুক্ত যতনৰ অভাৱত জীৱ-জন্তুৰ অৱস্থা তেনেই শোচনীয় হোৱা পৰিলক্ষিত হয়৷ সেয়েহে আজি আমি আপোনালোকলৈ লৈ আনিছোঁ পোহনীয়া কুকুৰ তথা আন জীৱ-জন্তুৰ ছালৰ বিভিন্ন সমস্যাৰ সমাধান৷
জীৱ-জন্তুৰ ছালৰ উফি হ’লে কেঁচা হালধি খুন্দি নিতৌ দুবাৰকৈ লগাব লাগে৷
জীৱ-জন্তুৰ গাত ঘা হ’লে সেই ঘাত মাখিয়ে কণী পাৰে৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কৰ্পূৰ খুন্দি নাৰিকল তেলৰ সৈতে ঘাত লগালে ঘা শুকায়৷
জীৱ-জন্তুৰ গাত হোৱা চিকৰা নাইকিয়া কৰিবলৈ কেঁচা হালধিৰ ৰস, ধতুৰাৰ ৰস বা নিমপাতৰ ৰস ব্যৱহাৰ কৰিব পাৰে৷
গৰু-ছাগলীৰ খৰ হ’লে খৰ হোৱা ঠাইডোখৰ গৰম পানীৰে ধুই নহৰু বা মাখিয়তি গছৰ শিপা খুন্দি খৰ হোৱা ঠাইত লগাব লাগে৷
জীৱ-জন্তুৰ অত্যধিক নোম সৰিলে আমলখি আৰু তুলসীৰ পাত মিশ্ৰণ কৰি লগালে নোম সৰা বন্ধ হয়৷