আপোনাৰ কল গোপনে ৰেকৰ্ড হ’লে বুজাৰ উপায়

0
133

বিভিন্ন সময়ত বহুতেই ফোন কৰাৰ সময়ত আপোনাৰ কলটো ৰেকৰ্ড কৰি দিয়ে৷ ইয়াৰ ফলত কেতিয়াবা বিপদৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে৷ কিয়নো কল ৰেকৰ্ড কৰাৰ ফলত মানুহজনৰ সৈতে ফোনত কিধৰণৰ কথা পতা হ’ল সেই সকলো কথাই জানিব পাৰি৷ আনহাতে কল ৰেকৰ্ড কৰাৰ ফলত গোটেই কথা ৰেকৰ্ডিং কৰি কেতিয়াবা শ’লঠেকত পেলোৱাৰ সম্ভাৱনা থাকে৷ ইয়াৰ প্ৰতিৰোধ হিচাপে কেইমানমাহ আগতে গুগ্‌লে থাৰ্ড পাৰ্টি এপৰ পৰা এণ্ড্ৰয়ড ফোনৰ কল ৰেকৰ্ডিঙৰ ক্ষেত্ৰত নিষিদ্ধ কৰিছিল৷ ইয়াৰ ফলত আৰু কোনো এপ ব্যৱহাৰ কৰি ফোন ৰেকৰ্ড কৰিব পৰা সম্ভৱপৰ নাছিল৷ এই কাৰণে ফোনত বিল্ট ইন কল ৰেকৰ্ডাৰৰ পৰা ফিচাৰ ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু বিভিন্ন সময়ত এনেকুৱা হয় যে ফোন কল অহাৰ সময়ত বিপৰীত দিশত থকা ব্যক্তিজনক নজনোৱাকৈয়ে কল ৰেকৰ্ড আৰম্ভ কৰি দিয়ে৷ এইধৰণৰ কল ৰেকৰ্ডিং হৈ থকাৰ সময়ত খুব সহজে বুজিব পাৰি ফোন ৰেকৰ্ডিং হৈ থকা বুলি৷ আগতে থাৰ্ড পাৰ্টি এপ ব্যৱহাৰ কৰি ফোনত কল ৰেকৰ্ডিং আৰম্ভ হ’লে জনাৰ কোনো উপায় নাছিল৷ কিন্তু গুগ্‌ল ডাইলাৰৰ মাধ্যমত কল ৰেকৰ্ডিং আৰম্ভ হ’লে ফোন কলে সতৰ্ক কৰে গুগ্‌ল ডায়ালাৰে৷ যদিও পুৰণি এণ্ড্ৰয়ড মোবাইল ফোনত এতিয়াও গুগ্‌ল ডায়ালাৰ অবিহনে কল ৰেকৰ্ডিং সম্ভৱ৷ থাৰ্ড পাৰ্টি এপ অবিহনে বিভিন্ন মোবাইলৰ ইন বিল্ট ডায়ালাৰত আছে কল ৰেকৰ্ডিং ফিচাৰ৷ সেই ফোনৰ পৰা কল ৰেকৰ্ডিং আৰম্ভ হ’লে এতিয়াও ফোনটোৰ ওপৰ প্ৰান্তৰ পৰা জনা সম্ভৱ নহয়৷ আনহাতে বহুতো দেশত কল ৰেকৰ্ডিঙক আইনত নিষিদ্ধ ঘোষণা কৰা হৈছে৷ এই কাৰণেই সকলো ফোন প্ৰস্তুতকাৰী কোম্পানীয়ে নিজৰ ডায়ালাৰৰ পৰা কল ৰেকৰ্ডিং ফিচাৰ বাদ দি গুগ্‌ল ডায়ালাৰ ব্যৱহাৰ কৰিবলৈ লৈছে৷ কিছুমান ফোনত কল ৰেকৰ্ডিং চলি থকাৰ সময়ত ফোনকলৰ মাজতে বিপ বিপ শব্দ শুনা যায়৷ আৰু সেই কাৰণে আপোনাৰ কল ৰেকৰ্ডিং হৈছে নে নাই, সেই কথা জানিবলৈ ফোনত কথা পতাৰ সময়ত সতৰ্ক হোৱা ভাল৷ ফোনত কথা পতাৰ মাজতে বিপ শব্দ শুনিলে বুজিব যে আপোনাৰ কল ৰেকৰ্ড হৈ আছে৷ নতুন সকলো ফোনত কল ৰেকৰ্ড হৈ থাকিলে ফোনৰ মাজত সতৰ্ক বাৰ্তা দিয়া হয়৷ যি শুনা পালেই আপুনি সহজে বুজিব যে আপোনাৰ ফোন কল ৰেকৰ্ড হৈছে৷ চলিত বছৰৰ মে’ মাহৰ পৰা এণ্ড্ৰয়ড ফোনত কল ৰেকৰ্ডিং বন্ধ কৰিছিল গুগ্‌লে৷ গুগ্‌ল প্লে ষ্টৰৰ পলিচি সলনিৰ বাবে এই পৰিৱৰ্তন কৰা হৈছিল৷ যাৰ ফলত নতুন ফোনত একমাত্ৰ গুগ্‌ল ডায়ালাৰ এপৰ মাধ্যমত কল ৰেকৰ্ড কৰা সম্ভৱ৷ আন কোনো এপৰ জৰিয়তে আৰু কল ৰেকৰ্ডিং সম্ভৱপৰ নহয়৷ যদিও পুৰণি ফোনৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here