আপোনাৰ ওঁঠ ফাটে নেকি ?

0
2716

ওঁঠে আমাৰ মুখৰ সৌন্দৰ্য বৃদ্ধি কৰে৷ শীতকালত বহুতৰে ওঁঠ ফাটে৷ কাৰোবাৰ আকৌ সকলো সময়তে ওঁঠ ফটা দেখা যায়৷ এই সমস্যাটো খুব বেদনাদায়ক, লগতে ই আমাৰ মুখৰ সৌন্দৰ্যকো প্ৰভাৱিত কৰে৷ সাধাৰণতে আমি শৰীৰৰ আন অংশসমূহকৈ ওঁঠৰ যতন কমকৈ লওঁ৷ বতৰৰ প্ৰভাৱ অথবা কেতিয়াবা ওঁঠ কামুৰি থকাৰ অভ্যাসৰ বাবেও ওঁঠ ফাটিব পাৰে৷ সময়ত উপযুক্তভাৱে প্ৰতিপালন নকৰিলে ওঁঠ ফাটি কেতিয়াবা তেজ ওলোৱাও দেখা যায়৷ ওঁঠ ফটা সমস্যা নিৰাময়ৰ বাবে আমি ঘৰুৱাভাৱে কিছুমান ব্যৱস্থা ল’ব পাৰোঁ৷ ফটা ওঁঠৰ চিকিৎসাৰ বাবে নাৰিকলৰ তেল অতি উপযুক্ত৷ নাৰিকল তেলে মইশ্বাৰাইজিঙৰ দৰে কাম কৰে৷ নাৰিকল তেলে ওঁঠ কোমল আৰু আদ্ৰ কৰি ৰাখে৷ এটা পাত্ৰত গাখীৰৰ সৈতে অলপ হালধি মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি ফটা ওঁঠত লগাব লাগে৷ কিছু সময় পাছত কোমল, মিহি ভিজা কাপোৰেৰে ওঁঠটো মচি দিব লাগে৷ মৌ অলপ আৰু ভেচলিন এটা পাত্ৰত মিহলি কৰি এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে৷ এতিয়া এই মিশ্ৰণটো ওঁঠত লগাই কমেও ১০-১৫ মিনিট ৰাখিব লাগে৷ তাৰ পাছত তিতা কাপোৰেৰে ভালদৰে ওঁঠটো মচিব লাগে৷ এনে কৰিলে যথেষ্ট সুফল পোৱা যায়৷ ঘৰুৱাভাৱে চিকিৎসা কৰিবলৈ এলোভেৰাৰ গছ এডাল কাটি তাৰ পৰা ওলোৱা এলোভেৰাৰ জেলখিনি উলিয়াই এটা পাত্ৰত ভালদৰে থৈ দিব লাগে৷ শোৱাৰ সময়ত পাত্ৰৰ পৰা অলপ জেল উলিয়াই ফটা ওঁঠটোত মিশ্ৰণটোৰ লেপন দি থ’ব লাগে৷ গোটেই ৰাতিটো এনেদৰে ৰাখি ৰাতিপুৱা শুই উঠিয়েই ঠাণ্ডা পানীৰে ওঁঠটো ধুই দিব লাগে৷ এনে কৰিলে ফটা ওঁঠৰ পৰা উপশম পোৱাৰ লগতে ওঁঠটো কোমল হয়৷ পাঁচ বা ছটা গোলাপৰ পাহি কেঁচা গাখীৰৰ সৈতে মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰিব লাগে৷ এতিয়া এই মিশ্ৰণটো ওঁঠত লগাই ১৫ ৰপৰা ২০ মিনিট সময়ৰ বাবে ৰাখিব লাগে৷ তাৰ পাছত ঠাণ্ডা পানীৰে ধুই দিব লাগে৷ এনেদৰে লগালে ফটা ওঁঠ সোনকালে ভাল হয়৷ ইয়াৰ উপৰিও ওঁঠৰ যত্ন ল’বলৈ পুষ্টিকাৰক খাদ্য গ্ৰহণ কৰিব লাগে। ওঁঠ কেতিয়াও দাঁতেৰে কামুৰিব নালাগে। ওঁঠত ৰাসায়নিক দ্ৰব্যমিহলি প্ৰশাধন সানিব নালাগে৷ ধূমপানৰ পৰা বিৰত থাকিব লাগে। সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা ওঁঠক সুৰক্ষা দিব লাগে৷ পৰ্যাপ্ত পৰিমাণে পানী আৰু ফলৰ ৰস খাৱাটো অত্যন্ত ভাল কথা। মন কৰিব লাগে যাতে ওঁঠ কেতিয়াও শুকান হৈ নাথাকে৷ এনেদৰে অকণমান সময় উলিয়াই প্ৰাকৃতিকভাৱেও যত্ন লৈ আমি আমাৰ ওঁঠ দুটি সুন্দৰ কৰি ৰাখিব পাৰোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here