আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি?

0
1940

এচামুচ চেনিত অলপ নেমুৰ ৰস মিহলাই তিনি-চাৰি মিনিটলৈ ওঁঠত স্ক্ৰাব কৰক৷ স্ক্ৰাব কৰিলে আপোনাৰ ওঁঠৰ মৃত কোষসমূহ পৰিষ্কাৰ হৈ ডাৰ্ক স্পট কম কৰাত সহায়ক হয়৷

সকলোৱে নিজৰ মুখখনৰ সৌন্দৰ্যৰ ক্ষেত্ৰত সচেতন হয়৷ কিন্তু কিছুমান কাৰণত ওঁঠৰ ক’লা ৰঙে আপোনাৰ সৌন্দৰ্যত আঘাত হানিব পাৰে৷ যদিও আপুনি লিপষ্টিক বা লিপবাম ব্যৱহাৰ কৰিও ক’লা ওঁঠ লুকুৱাব পাৰে, কিন্তু প্ৰাকৃতিকভাৱে ইয়াক ঠিক কৰাটো অতি জৰুৰী৷ কাৰণ আপুনিতো সদায়  লিপষ্টিক লগাই নাথাকে৷ কিমানদিন আৰু আপুনি লিপষ্টিকেৰে ক’লা ওঁঠ লুকুৱাই ৰাখিব৷ সেই কাৰণে কিছুমান ঘৰুৱা তথা প্ৰাকৃতিক উপায় অৱলম্বন কৰি ক’লা ওঁঠৰ সমস্যা দূৰ কৰা উচিত৷

(১) দৈনিক ৰাতি শোৱাৰ আগতে আঙুলিত কেইটোপালমান বাদাম তেল লৈ লাহে লাহে ওঁঠ দুটাত মালিচ কৰক আৰু গোটেই ৰাতিটো লগাই থৈ দিয়ক৷ বাদাম তেলে Bleaching agent ৰ কাম কৰে৷ ইয়াৰ ফলত আপোনাৰ ওঁঠ মসৃণ হোৱাৰ লগতে ক’লা পৰাও নাইকিয়া হ’ব৷

11 Simple Home Remedies for Dark Lips: Fight Lip Pigmentation Naturally


(২) এচামুচ চেনিত অলপ নেমুৰ ৰস মিহলাই তিনি-চাৰি মিনিটলৈ ওঁঠত স্ক্ৰাব কৰক৷ স্ক্ৰাব কৰিলে আপোনাৰ ওঁঠৰ মৃত কোষসমূহ পৰিষ্কাৰ হৈ ডাৰ্ক স্পট কম কৰাত সহায়ক হয়৷

DIY Lemon Sugar Lip Scrub To Remove Pigmentation


(৩) নেমুৰ ৰসৰ লগত অলপ মৌ মিহলাই ১০ মিনিটলৈ ওঁঠত মালিচ কৰক৷ নেমু আৰু মৌত এণ্টিছেপটিক আৰু Bleaching agent পোৱা যায়৷ ই আপোনাৰ ওঁঠক সুৰক্ষা প্ৰদান কৰাৰ লগতে অতি সহজে ওঁঠ ক’লা পৰা নাইকিয়া কৰিব পাৰে৷

Get Pretty Pink Lips In Just 5 days From Lemon And Honey | Beauty Blog Home Remedies - YouTube


(৪) তিয়ঁহৰ ৰস উলিয়াই ১০-১৫ মিনিট ওঁঠত লগাই ৰাখক৷ ইয়াৰ পাছত পানীৰে ওঁঠযুৰি ধুই দিয়ক৷ তিয়ঁহত Bleaching আৰু হাইড্ৰেটিং গুণ থাকে, যাৰ ফলত ক’লা দাগ সহজে নাইকিয়া হোৱাৰ লগতে ওঁঠ মসৃণ হোৱাটো সহায়ক হয়৷

Cucumber makes cracking lips soft and smooth in winter | NewsTrack English 1

LEAVE A REPLY

Please enter your comment!
Please enter your name here