সন্তানক ডাঙৰ-দীঘল কৰাৰ কৌশল বা ধৰণ আগৰ দিনত যিধৰণৰ আছিল, সময়ৰ লগে লগে বহু পৰিৱৰ্তন হৈছে৷ বিজ্ঞান-প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে সন্তানক ডাঙৰ কৰাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ যিদৰে বিভিন্ন সুবিধা হৈছে. একেদৰে নানা অসুবিধাৰো সৃষ্টি হৈছে৷ আধুনিক গেজেটবোৰৰ সুবিধা আৰু বিপদৰ মাজত ভাৰসাম্য বজাই ৰখাটো খুব প্ৰয়োজনীয় হৈ পৰিছে৷ বৰ্তমান ল’ৰা-ছোৱালীৰ স্ক্ৰিন টাইম বহুত বাঢ়ি গৈছে, অৰ্থাৎ বহুতেই ফোনটো লৈ সময় অতিবাহিত কৰিছে৷ সেই কথাটো নিয়ন্ত্ৰণ কৰাটো অতিকে জৰুৰী৷ বৰ্তমান সময়ৰ দ্ৰুত পৰিৱৰ্তনশীল বিশ্বৰ সৈতে তাল-মিল ৰাখি চলাৰ লগতে শিশুসকলৰ দক্ষ কৰি তোলা ব তেওঁলোকৰ মূল্যবোধ গঢ় দিয়াও খুব জৰুৰী হৈ পৰিছে৷
শিশুই তেওঁলোকৰ মাক-দেউতাকক কাম-কাজ, কথা-বাৰ্তা, আচাৰ আচৰণ আদি সকলোবোৰ অনুকৰণ কৰে৷ সেয়ে সন্তানৰ আগত ইতিবাচক মনোভাব ৰখা অত্যন্ত দৰকাৰ৷ পিতৃ-মাতৃয়ে আনৰ প্ৰতি শ্ৰদ্ধা, দয়া তথা সহানুভূতি হোৱাৰ উপৰি আনৰ প্ৰতি দায়িত্বশীল হোৱা প্ৰয়োজন৷
বেয়া কাম বা বেয়া আচৰণৰ কাৰণে আপোনাৰ সন্তানটোক শাস্তি দিয়াৰ ফলত হিতে বিপৰীত হ’ব পাৰে বা ঘৰত এক নেতিবাচক পৰিৱেশ সৃষ্টি হ’ব পাৰে৷ তাৰ পৰিৱৰ্তে ভাল আচৰণৰ কাৰণে সন্তানক প্ৰশংসা কৰক আৰু অন্যায়, বেয়া কাম কৰিলে সিহঁতৰ বুজাবলৈ চেষ্টা কৰক৷
আপোনাৰ সন্তানক কিছু ক্ষেত্ৰত তাৰ নিজৰ মতে থাকিবলৈ দিয়ক৷ সকলো ক্ষেত্ৰতে বাধা দিয়াৰ পৰা বিৰত থাকিব৷ সন্তানক ভাল-বেয়াৰ বিচাৰ কৰিবলৈ নিজৰ ওপৰতে এৰি দিব৷ ইয়াৰ পৰাই সিহঁতে ভৱিষ্যতে সুস্থ বিচাৰধাৰা বা স্থিতি ল’বলৈ শিকিব৷ এনে কৰাৰ ফলত সন্তানটোৱে নিজকে পৰিয়ালৰ এজন হিচাপে গুৰুত্বপূৰ্ণ অংশ বুলি ভাবিবলৈ ল’ব৷
যিকোনো সম্পৰ্কৰ ক্ষেত্ৰত কথোপকথন খুব গুৰুত্বপূৰ্ণ৷ সকলো সময়তে নিজে কথা কোৱাৰ পৰিৱৰ্তে, সন্তানে কি ক’বলৈ বিচাৰিছে সেই কথাও গুৰুত্বসহকাৰে শুনিবলৈ চেষ্টা কৰক৷ কৰ্মব্যস্ততাৰ কাৰণে আপোনাৰ সময়ৰ অভাৱ হ’লেও কিছু সময় উলিয়াই হ’লেও আপোনাৰ সন্তানে কি ক’বলৈ বিচাৰে মনোযোগেৰে শুনক৷
সন্তান ডাঙৰ-দীঘল হ’বলৈ এটা সুস্থ-সবল পৰিৱেশ অতি প্ৰয়োজন৷ যিয়ে শিশুৰ মানসিক বিকাশত সহায় কৰে৷ সন্তানৰ ভৱিষ্যত জীৱন কেনেধৰণৰ হ’ব, সেই কথা বহুখিনি নিৰ্ভৰ কৰে ঘৰুৱা পৰিৱেশৰ ওপৰত৷ তেওঁলোকৰ বাবে ঘৰখন নিৰাপদ, ভাল সুস্থ, শান্ত পৰিৱেশৰ হোৱাটো দৰকাৰ৷
শিশুকালৰ স্বভাৱটোৱে কৌতূহলী তথা শিকাৰ প্ৰতি আগ্ৰহী মনোভাব থাকে৷ আপোনাৰ সন্তানটোৰ স্বাভাৱিক কৌতূহলক উৎসাহিক কৰক৷ নতুন কিবা অন্বেষণ বা আৱিষ্কাৰৰ সুযোগ দিয়ক৷ তাৰ ফলত তেওঁলোকৰ শিকাৰ আগ্ৰহ বহুগুণে বাঢ়ি যায়৷ আনকি কিছু নিৰ্দিষ্ট বিষয়ৰ ওপৰত আজীৱন ভাল ভাবৰ জন্ম দিব পাৰে, যিয়ে সন্তানটোৰ কেৰিয়াতো সহায়ক হ’ব৷
মনত ৰখা ভাল যে সন্তানৰ ভৱিষ্যতৰ বাবে অভিভাৱকৰ চিন্তা বহুত৷ ইয়াৰ বাবে সময়ে সময়ে ক্লান্তিভাবো হ’ব পাৰে৷ সেয়ে শাৰীৰিক আৰু মানসিকভাৱে নিজৰ যত্ন লোৱাটো একান্তই জৰুৰী৷ ইয়াৰ মাজতে স্বাস্থ্যকৰ খাদ্য, পৰ্যাপ্ত টোপনি, নিয়মিত ব্যায়াম আদিৰে নিজকে সুস্থ সবল কৰি ৰখাটো কিন্তু অতি প্ৰয়োজন৷