আপুনি মিঠাই খাই ভাল পায় নেকি? মিঠাইৰ প্ৰতি আপোনাৰ দুৰ্বাৰ আকৰ্ষণ আছে নেকি? তেন্তে আজিৰ পৰাই মিঠাই খাওঁতে সাৱধান হওক৷ কিয়নো মহানগৰীত ভেজাল মিঠাইৰ পয়োভৰ ঘটিছে৷ ইয়াৰ সমান্তৰালভাৱে মিঠাই প্ৰস্তুত কৰা কাৰখানাৰ পৰিৱেশ লেতেৰা-কদৰ্য হোৱাৰ লগতে শৌচাগাৰৰ পানীৰে মিঠাই প্ৰস্তুত কৰা কথা পোহৰলৈ আহিছে৷ মিঠাইৰ কাৰখানাৰ লগতে শৌচালয়, প্ৰস্ৰাৱগাৰ থকাৰ লগতে দিনত যিখন বিছনাত মিঠাই বনায়, ৰাতি সেইখন বিছনাতে কৰ্মচাৰীয়ে শোৱাৰ তথ্যও লাভ কৰিছে গুৱাহাটী পৌৰ নিগমে৷ তদুপৰি বনাই থোৱা মিঠাইবোৰৰ পাত্ৰত মাখি, পৰুৱা আদি পৰি খোৱাৰ অনুপযোগী থকা দেখা যায়৷ এনেদৰে লেতেৰা, অপৰিষ্কাৰ, কদৰ্য পৰিৱেশত প্ৰস্তুত কৰা মিঠাইৰ পৰা বিভিন্ন বীজাণুৰ সৃষ্টি হৈ, আৰু এই মিঠাই খোৱাৰ ফলত বেমাৰ হোৱাটো যে খাটাং সেয়া সহজে অনুমেয়৷ উল্লেখ্য যে বিভিন্ন সময়ত গুৱাহাটী পৌৰ নিগমে মহানগৰীত চলোৱা অভিযানত এই কথা পোহৰলৈ আহিছে ৷ ইয়াৰ বাবে পৌৰ নিগমৰ আইন উলংঘা কৰা অপৰাধত বহুকেইখন ব্যাৱসায়িক প্ৰতিষ্ঠানক জৰিমনা বিহাৰ লগতে জাননী জাৰি কৰে৷ কিন্তু পৌৰ নিগমৰ এই জাননীক কোনো ভ্ৰূক্ষেপ নকৰে ভেজালী কৰা ব্যৱসায়ীয়ে৷