আপুনি ভিটামিন-ডিৰ অভাৱত ভুগিছে নেকি? লেখক : ডাঃ সন্দীপন শৰ্মা

0
2788

ভিটামিন-ডি ৰ অভাৱ(Vitamin D Deficiency)ত পৃথিৱীত প্রায় ১০০ কোটিতকৈ বেছি মানুহে ভুগি আছে।
গাৰ বিষ, কঁকালৰ বিষ, মাংসপেশীৰ বিষ, সোনকালতে ভাগৰ লগা, দুৰ্বল দুৰ্বল ভাব, চুলি সৰা, দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা কমি যোৱা, শিশুৰ বিকাশত মন্থৰতা আদি ভিটামিন-ডিৰ অভাৱৰ লক্ষণ। তলত কিছুমান খাদ্যৰ নাম উল্লেখ কৰা হ’ল, যিবিলাক খালে ভিটামিন-ডিৰ অভাৱ দূৰ কৰিব পৰা যায়–

১) কণীৰ কুহুম (Egg Yolk)
২) চিকেন (Chicken)
৩) Red Meat
৪) তেলাল মাছ (Fatty Fish)
৫) কাঠফুলা( Mushroom )
৬/কড লিভাৰ তেল (Cod Liver Oil)।

গাখীৰত কেলচিয়াম (Calcium) পোৱা যায় যদিও ইয়াত ভিটামিন-ডি (Vitamin D) বেছি পৰিমাণে পোৱা নাযায়।
আজিকালি আমি বেছিভাগ সময় ভিতৰৰ পৰিৱেশ(Indoor Environment)ত কটাও; যেনে কাৰ্যালয় (Office), বিদ্যালয় (School), ঘৰ(House ) আদি। যাৰ বাবে আমি সূৰ্যৰ ৰশ্মি (Sunlight) কমকৈ পাওঁ। সূৰ্যৰ ৰশ্মি আমাৰ বাবে অতিকৈ দৰকাৰী। কাৰণ ই আমাৰ শৰীৰত ভিটামিন-ডি (Vitamin -D) উৎপন্ন কৰে।আমাৰ শৰীৰত আজিকালি সেইবাবে ভিটামিন-ডিৰ অভাৱ বাঢ়ি গৈছে। নিৰামিষ খাদ্যত ইয়াৰ মাত্ৰা কম বাবে নিৰামিষভোজী মানুহৰ শৰীৰত ভিটামিন-ডিৰ অভাৱ হোৱাৰ সম্ভাৱনা বেছি।

লেখক : ডাঃ সন্দীপন শৰ্মা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here