আপুনি ব্যৱহাৰ কৰা প্লাষ্টিকৰ বটলটো কিদৰে চিনিব?

0
356

প্লাষ্টিক আমাৰ শৰীৰৰ কাৰণে কিমান ক্ষতিকাৰক, সেইটো আমি সকলোৱে জানো৷ দীৰ্ঘদিন ধৰি যিকোনো প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত ভয়ংকৰ বিপদৰ সন্মুখীন হ’বলগীয়া হয়৷ তাৰ ভিতৰত প্লাষ্টিকৰ বটলত পানী খোৱাটো আমাৰ সকলোৰে এটা নিয়মত পৰিণত হৈছে৷ ঘৰ-অফিচ, হোটেল-দোকান আদি সকলোতে এক অত্যাৱশ্যকীয় সামগ্ৰী হিচাপে প্লাষ্টিকৰ বটলে অবাধ হাৰত দখল কৰিছে৷ প্লাষ্টিকৰ বটলত পানী খোৱা মানে মৃত্যুৰ মুখলৈ নিজকে ঠেলি দিয়াৰ লেখীয়া৷ কিন্তু ইয়াৰ মাজতে এটা কথা জনাটো উচিত যে সকলো প্লাষ্টিকৰ বটলৰ ম্যাদ এটা নিৰ্দিষ্ট সময়লৈকেহে থাকে৷ এই গুৰুত্বপূৰ্ণ কথাটো জানিহে প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰা উচিত৷ কেনেকৈ জানিব আপুনি হাতত লোৱা প্লাষ্টিকৰ বটলটো ব্যৱহাৰৰ যোগ্য হয় নে নহয়৷ জানো আহক ইয়াৰ উপায়৷

How to Stay Hydrated While Working From Home


এটা প্লাষ্টিকৰ বটলৰ তলৰ ফালে ত্ৰিভুজাকৃতিৰ এটা চিহ্ন থাকে আৰু এই চিহ্নটোৰ মাজত এটা নম্বৰ লিখা থাকে৷ এই নম্বৰটোৰ দ্বাৰা জনা যায় যে প্লাষ্টিকৰ বটলটো ব্যৱহাৰৰ যোগ্য হয় নে নহয়৷ ত্ৰিভুজ চিহ্নটোৰ মাজত ১ লিখা থাকিলে আপুনি জানিব যে এই বটলটো এবাৰৰ বাবেহে ব্যৱহাৰৰ যোগ্য৷

This is What That Number On The Bottom Of A Plastic Bottle Means

এনে বটল এবাৰৰ পাছত ব্যৱহাৰ কৰা মানে স্বাস্থ্যৰ পক্ষে হানিকাৰক৷ কিয়নো এই বটলটো টেৰেপথেলেট জাতীয় পলিথিনৰ দ্বাৰা প্ৰস্তুত কৰা হয়৷ আনহাতে ত্ৰিভুজাকৃতিৰ মাজত ৩ লিখা থাকিলে এইধৰণৰ পাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰি৷ এইবোৰ সাধাৰণতে পলিভিনিল ক্ল’ৰাইড বা পিভিচৰ দ্বাৰা তৈয়াৰ কৰা হয়৷ খোৱা বা ৰন্ধা কাৰ্যত ব্যৱহাৰৰ বাবে এইবোৰ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰি৷ আকৌ বটলত ৪ লিখা থাকিলে আপুনি নিশ্চিত হওক যে এইধৰণৰ পাত্ৰত একাধিকবাৰ পানী বা খাদ্য সামগ্ৰী ৰাখিব পাৰিব৷ তথাপি এসপ্তাহৰ পাছত ব্যৱহাৰ নকৰাই ভাল৷ এই পাত্ৰবোৰ LDPE জাতীয় পলিথিনৰ দ্বাৰা প্ৰস্তুত কৰা হয়৷ ত্ৰিভুজাকৃতিৰ মাজত ৫ লিখা থাকিলে আপুনি একেবাৰে নিৰাপদ৷ কিয়নো এইধৰণৰ পাত্ৰ আপুনি নিৰ্ভয়ে ব্যৱহাৰ কৰিব পাৰে৷ পানীৰ বটল, খাদ্য সামগ্ৰীৰ বটল, ঔষধ, মদৰ বটল আদিবোৰত এই চাৰি সংখ্যাটো লিখা থাকে৷ ত্ৰিভুজাকৃতিৰ মাজত ৭ লিখা থাকিলে আপুনি ভুলতো এই পাত্ৰ ব্যৱহাৰ নকৰিব৷ কাৰণ এইধৰণৰ পাত্ৰ স্বাস্থ্যৰ পক্ষে অত্যন্ত হানিকাৰক৷ খোৱা খাদ্য, তৰল পদাৰ্থ আদি সাত লিখা পাত্ৰত একেবাৰে নথ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here