আপুনি প্লাজমা থেৰাপিৰ বিষয়ে জানেনে ?

0
1502

কভিড-১৯-অত আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ সৈতে আজিকালি সঘনাই শুনিবলৈ পোৱা এটা পদ্ধতি হৈছে প্লাজমা থেৰাপি৷ পিছে এই প্লাজমা থেৰাপিনো কি ? আপুনি জানেনে– মানৱ দেহৰ তেজৰ ঈষৎ হালধীয়া পনীয়া অংশটোৱে হৈছে প্লাজমা৷ প্লাজমা আমাৰ তেজত প্ৰায় ৫৫ শতাংশ থাকে৷ প্লাজমাত প্ৰ’টিন আৰু লৱণ পোৱা যায়৷ প্লাজমা থেৰাপি হৈছে যেতিয়া কোনো এজন লোক সংক্ৰামক ৰোগত আক্ৰান্ত হয়, তেতিয়া এক বিশেষ প্ৰক্ৰিয়াৰ সহায়ত তেজত থকা আন উপাদান আঁতৰাই কেৱল প্লাজমা সংগ্ৰহ কৰি ইয়াৰ দ্বাৰা একে ৰোগত আক্ৰান্ত আন এজন ৰোগীক চিকিৎসা কৰা হয়৷ যেতিয়া আমাৰ দেহত কোনো ভাইৰাছ আৰু বেক্টেৰিয়াই আক্ৰমণ কৰে, তেতিয়া আমাৰ দেহত থকা ৰোগ প্ৰতিৰোধী ক্ষমতাই ইয়াৰ বিৰুদ্ধে শৰীৰত এণ্টিবডীৰ সৃষ্টি কৰে৷ যিয়ে এই ভাইৰাছ বা বেক্টেৰিয়াৰ সৈতে যুঁজ কৰি শৰীৰটোক ৰোগৰ পৰা বচাই ৰাখে৷ কভিড-১৯-ত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত এনে সুস্থ ৰোগীৰ প্লাজমাত কৰ’না ভাইৰাছৰ এণ্টিবডী থাকে৷ এই এণ্টিবডীযুক্ত প্লাজমা যদি আন এজন কৰ’না আক্ৰান্ত ৰোগীৰ শৰীৰত আৰম্ভণিতে দিয়া হয়, তেনেহ’লে অসুস্থ ৰোগীজন অতি সোনকালে আৰোগ্য লাভ কৰাৰ সম্ভাৱনা থাকে৷ এনেদৰে চিকিৎসকে প্লাজমা থেৰাপি প্ৰয়োগ কৰি বহুতো গুৰুতৰভাৱে কৰ’না আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিছে৷ ইয়ে মানুহৰ মাজত আশাৰ সঞ্চাৰ কৰিছে৷ আমি আশা কৰিম– এজন সুস্থ কৰ’না ৰোগীয়ে প্লাজমা দান কৰি কৰ’না আক্ৰান্ত ৰোগী এজনৰ জীৱন ৰক্ষা কৰক৷ সেয়েহে আহক, কৰ’না ৰোগত সুস্থ হোৱা সকলোৱে প্লাজমা দান কৰি কভিডমুক্ত এখন সমাজ গঢ়ি তোলাৰ অংশীদাৰ হওঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here