আপুনি জানেনে? আলুও হ’ব পাৰে সৌন্দৰ্যচৰ্চাৰ কাৰক

0
2337

আলু এনেকুৱা এবিধ পাচলি, যাক সকলো ধৰণৰ ব্যঞ্জনতেই ব্যৱহাৰ কৰা হয়৷ ই এবিধ সৰ্বজন প্ৰিয় আৰু সুলভ পাচলি৷ ইয়াৰ প্ৰধান বৈশিষ্ট্য এইটোৱেই যে ইয়াক সকলো পাচলিৰ সৈতে মিহলাই খাব পাৰি৷ ইয়াক খাদ্যৰূপে ব্যৱহাৰ কৰাৰ লগতে সৌন্দৰ্যচৰ্চাটো ব্যৱহাৰ কৰা হয়৷ আলুক সৌন্দৰ্যচৰ্চাত কেনেদৰে ব্যৱহাৰ কৰে জানো আহক–

(১) আলু ভিটামিন-চিৰে সমৃদ্ধ হোৱা বাবে ই বাৰ্ধক্যৰ চাপ নিৰ্মূল কৰাত সহায় কৰে৷ ইয়াৰ বাবে ৰিংকুলছবোৰত আলুৰ ৰস কপাহেৰে লগাব লাগে৷
(২) তেলেতীয়া ছালৰ পৰা পৰিত্ৰাণ পাবলৈ আলুৰ ৰসৰ লগত গোলাপ জল আৰু নেমুৰ ৰসৰ মিশ্ৰণ লগালে সুফল পোৱা যায়৷ এই বিধানে ছাল উজ্জ্বল কৰাটো সহায় কৰে৷ শুকান ছালৰ বাবে নেমুৰ ৰসৰ পৰিৱৰ্তে মৌ বা গ্লিচাৰিন ব্যৱহাৰ কৰিব পাৰে৷
(৩) শালমইনাত আলুৰ ৰস বিশ মিনিটমান সময় লগাই ধুই দিব লাগে৷
(৪) চকুৰ গুৰি ক’লা পৰিলে আলু চকলা চকলকৈ কাটি ভিজা কাপোৰত মেৰিয়াই চকুত দিব লাগে৷
(৫) আলুৰ টুকুৰা কাটি ৰ’দে পোৰা ঠাইত লগালে ছানবাৰ্নৰ পৰা ৰক্ষা পাব পাৰি৷
(৬) আলুৰ ৰসৰ লগত মৌ মিহলাই মুখত লগালে ছাল বগা হয়৷
(৭) চাউলৰ গুৰি, মৌ, নেমুৰ ৰস, আলুৰ ৰস একেলগে মিহলি কৰি মুখত মালিচ কৰি পাছত ধুই দিব লাগে৷ এনে কৰিলে পিগমেনটেশ্যন নিৰ্মূল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here