আপুনি জানেনে? অমিতাই বয়সৰ চাপ কমাব পাৰে

0
2840


ৰন্ধন প্ৰণালীত আটাইতকৈ লাগতিয়াল ফলবিধেই হৈছে অমিতা৷ অমিতা এবিধ ঔষধি গুণবিশিষ্ট ফল৷ যদিও ইয়াক ফল হিচাপে খোৱা হয়, কেঁচা অৱস্থাত ইয়াক আমি পাচলি হিচাপেও ব্যৱহাৰ কৰোঁ৷ পকা অমিতা অতি সুস্বাদু আৰু পুষ্টিকৰ ফল৷ ইয়াৰ বৈজ্ঞানিক নাম কাৰিকা পাপায়া(Carica papaya)। অমিতা গছৰ পাত, ফুল, ফল, শিপা, গুটি, গছৰ পৰা ওলোৱা আঠা সকলোবিধেই ঔষধি গুণসম্পন্ন৷ অতীজৰে পৰা এছিয়া মহাদেশৰ বিভিন্ন দেশত অমিতা গছৰ পাত, শিপা, গছৰ আঠা আদি পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে বুলি জনা যায়৷ গৱেষকসকলৰ মতে অমিতা পাতৰ ৰসত চাইক্ল’ফছফেমাইড (cyclophosphamide) নামৰ এবিধ ৰাসায়নিক উপাদান থাকে, যিবিধ উপাদানে তেজত ক্ৰমে কমি অহা ৰক্ত বিম্বাণুৰ অৱস্থা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰে৷ অমিতাৰ গুটিত কাৰ্পেইন নামৰ ৰাসায়নিক তত্ত্ব থাকে৷ যাৰ ফলত লিভাৰ চিৰ’ছিছ, কিডনীৰ ৰোগ, বাতবিষ আৰু কৃমিজনিত ৰোগৰ পৰা উপশম পাব পাৰি৷ অমিতাই দেহত কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ অমিতা গছৰ পৰা ওলোৱা বগা ৰসে জুয়ে পোৰা দাগ নিৰ্মূল কৰে৷ অমিতাই কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ ভিটামিন চি, ভিটামিন ই আৰু এণ্টিঅক্সিডেণ্ট থাকে বাবে অমিতাই দেহত বয়সৰ চাপ কমোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰে৷ ভাৰতবৰ্ষ বা আন দেশত কৰা অধ্যয়নৰ পৰা দেখা গৈছে যে অমিতাৰ পাতে ডেংগু ৰোধ প্ৰতিৰোধ কৰাত সহায় কৰে৷ দাঁতত অমিতাৰ শিপা নাইবা বাকলি পিহি লগালে দাঁতৰ বিষ নাইকিয়া হয়৷ দৃষ্টিশক্তি বঢ়োৱাত অমিতাত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ অমিতাত থকা পেপেইন এনজাইমৰ বাবে ইয়াক খালে মহিলাৰ মাহেকীয়া নিয়মীয়া হয়৷ ইয়াত থকা পটেচিয়াম আৰু ফাইবাৰে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে৷ নিয়মিত অমিতা খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায়৷ অমিতাই হজম শক্তি বৃদ্ধি কৰি কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে শৰীৰৰ অলাগতিয়াল পদাৰ্থ টক্সিন বাহিৰ কৰাত সহায় কৰে৷ অমিতাৰ ফুল ব্ৰংকাইটিছ, জণ্ডিচ আৰু বৃক্কসম্বন্ধীয় ৰোগ নিৰাময়ৰ বাবে উপকাৰী৷ সেয়েহে আহক এনে এবিধ ঔষধি গুণসম্পন্ন ফল আমাৰ নিয়মিত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শৰীৰটোক সুস্থ আৰু নিৰোগী কৰি ৰাখো৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here