আপুনি গাড়ীত ৰাউণ্ড ফিগাৰত পেট্ৰ’ল ভৰাই নেকি ? ভুল কৰিছে

0
68

সাধাৰণতে বৰ্তমান সময়ত চলি থকা প্ৰায়ভাগ বাহন পেট্ৰ’ল বা ডিজেলত চলে৷ আপোনাৰ গাড়ীখন চলাবলৈ পেট্ৰ’ল ভৰাব লাগিবই, তেনে গাড়ীখন চলাব পাৰিব৷ যিকোনো গাড়ীত পেট্ৰ’ল বা ডিজেল ভৰাবলৈ আমি পেট্ৰ’ল পাম্পবোৰত সোমাই দিওঁ৷ তাৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ পেট্ৰ’ল লৈ সেইমতে টকা দিব লগা হয়৷ প্ৰতিলিটাৰ পেট্ৰ’লৰ যিমান দাম সেই অনুযায়ী পৰিশোধ কৰা যায়৷ এই ক্ষেত্ৰত প্ৰায়ে অভিযোগ শুনা যায় যে আপুনি দিয়া টকাৰ অনুসৰি পেট্ৰ’ল পাম্পৰ গাড়ীখনত কমকৈ পেট্ৰ’ল পাইছে৷ অৰ্থাৎ পেট্ৰ’ল পাম্পে আপোনাক কমাকৈ তেল দিছে৷ এই কথাটো বহুবাৰ সঁচা বুলিও প্ৰমাণিত হৈছে৷ পেট্ৰ’ল পাম্পবোৰত পেট্ৰ’ল ভৰোৱাৰ সময়ত যিমানেই নিখুঁত বুলি নকওক লাগিলে পেট্ৰ’ল বা ডিজেল দিয়াত প্ৰতাৰণা কৰাটো এটা সাধাৰণ কথাৰ লেখীয়া হৈছে৷ মিটাৰত শূন্য দেখালেও কিবা কৌশল প্ৰয়োগ কৰি গ্ৰাহকক ঠগাই থাকে৷ পেট্ৰ’ল ভৰোৱাৰ সময়ত বহুতেই মিটাৰলৈ লক্ষ্য নকৰি এনেই থাকে আৰু তাৰে পূৰ্ণ সুযোগ লয় কৰ্মচাৰীয়ে৷ ইয়াৰ পাছত আপুনি যিমান লিটাৰ বা টকাৰ পেট্ৰ’ল ভৰাবলৈ কৈছে পাম্পৰ কৰ্মীয়ে সিমান টকাৰে পেট্ৰ’ল ভৰাই দিছে৷ কিন্তু তাতো যেন খেলিমেলি আছে৷ পেট্ৰ’ল পাম্পত গাড়ীত তেল ভৰাওঁতে প্ৰতাৰণাৰ চিকাৰ হ’ব পাৰে৷ সেয়ে ইয়াৰ কাৰণে কিছুমান বিষয় মনত ৰখা ভাল৷ বেছিভাগ মানুহে পেট্ৰ’ল পাম্পলৈ গৈ ১০০, ২০০, ৫০০ এনেধৰণৰ ৰাউণ্ড ফিগাৰৰ টকা দি পেট্ৰ’ল ভৰায়৷ এইটো মুঠেও সুবিধাজনক নহয়৷ ইয়াৰ ফলত আপুনি সদায় তেল কম পাই থাকিব৷ বহু ক্ষেত্ৰত পেট্ৰ’ল পাম্পৰ মালিকে মেচিনত ৰাউণ্ড ফিগাৰ ঠিক কৰি ৰাখে৷ যাৰ বাবে গ্ৰাহকে প্ৰতাৰণাৰ চিকাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে৷ মনত ৰাখিব আপুনি ৰাউণ্ড ফিগাৰত কেতিয়াও পেট্ৰ’ল নভৰাব৷ ৰাউণ্ড ফিগাৰৰ পৰিৱৰ্তে ১০ বা ২০ টকা বেছিকৈ দিয়ে পেট্ৰ’ল ভৰাওক৷ অৱশ্যে সকলো পেট্ৰ’ল পাম্পে এনেধৰণৰ প্ৰবঞ্চনা নকৰে বা গ্ৰাহকক নঠগায়৷ যদিও প্ৰায়সংখ্যক পেট্ৰ’ল পাম্পে এইদৰে গ্ৰাহকক প্ৰতাৰণা কৰে৷ আনহাতে পেট্ৰ’ল সকলো সময়তে কেৱল ডিজিটেল মিটাৰযুক্ত পাম্পতহে ভৰোৱা উচিত৷ কাৰণ পেট্ৰ’ল পাম্পৰ মেচিন পুৰণি হোৱাৰ ফলত মেচিমেৰে কম পেট্ৰ’ল ভৰ্তি হোৱাৰ আশংকা থাকে৷ এটা কথা মন কৰিব তেল ভৰোৱাৰ সময়ত পেট্ৰ’ল পাম্পৰ মেচিন যাতে শূন্য সংখ্যাত থাকে৷ যদি বিসংগতি দেখে কাৰণ জানিবলৈ চেষ্টা কৰক৷ আনহাতে আমাৰ বহুতেই আছে যিসকলে পেট্ৰ’ল ভৰোৱাৰ সময়ত গাড়ীৰ ভিতৰতে থাকে৷ সেয়া কিন্তু কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয়৷ আপুনি গাড়ীখনত তেল ভৰোৱাৰ সময়ত নামি লৈ মেচিনৰ কাষ থিয় হওক৷ অন্যথা পাম্পৰ কৰ্মীয়ে আপোনাৰ প্ৰতাৰণা কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here