আপুনি কৰ্দৈ নাখায় নেকি?

0
2269

অতি ৰসাল, সোৱাদযুক্ত কৰ্দৈ আমি সকলোৱে চিনি পাওঁ৷ আমাৰ দেহক লগা বিভিন্ন উপাদানেৰে ই ভৰপূৰ৷ বহুতে কৰ্দৈক কেঁচা চাটনি হিচাপেও খায় যদিও ই পকিলেহে খাবলৈ বেছি সোৱাদযুক্ত হয়৷ ইয়াত ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-চি, আইৰন, ফচফৰাছ, পটেচিয়াম, মেগনেচিয়াম, ছ’ডিয়ামৰ লগতে অধিক মাত্ৰাত এণ্টিঅক্সিডেণ্ট পোৱা যায়৷

কৰ্দৈৰ উপকাৰিতাসমূহৰ বিষয়ে জানো আহক–
১) অৰুচি, অভোক, বদহজম আদি দূৰ কৰাত কৰ্দৈ যথেষ্ট উপকাৰী৷
২) ডায়েবেটিছ ৰোগীৰ কাৰণে কৰ্দৈ এবিধ উপযুক্ত খাদ্য৷ কৰ্দৈ-এ শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে৷
৩) দেহৰ ওজন হ্ৰাস কৰিবলৈ কৰ্দৈ এবিধ ফলদায়ক ফল৷
৪) শ্বাসজনিত যিকোনো ৰোগত কৰ্দৈ খাব লাগে৷
৫) কৰ্দৈ-এ ছাল মসৃণ কৰাৰ লগাতে ছালৰ সংক্ৰমণ ৰোধতো সহায় কৰে৷
৬) উচ্ছ ৰক্তচাপ আৰু শৰীৰৰ কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ কৰ্দৈ খোৱাটো ভাল৷
৭) কৰ্দৈ-এ কোষ্ঠকাঠিন্য দূৰ কৰাৰ লগতে পেটৰ অলাগতিয়াল পদাৰ্থ বাহিৰ কৰাত সহায় কৰে৷
৮)কৰ্দৈত অধিক মাত্ৰাত কেলচিয়াম থাকে বাবে ই দাঁত, হাড় আদি মজবুত কৰি ৰাখে৷
৯) কৰ্দৈৰ কুমলীয়া পাত থেতেলিয়াই ছালত হোৱা খৰ, খজুৱতি আদিত দিলে নিৰাময় হয়৷
১০)মাতৃদুগ্ধ বৃদ্ধিত কৰ্দৈয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে৷
মন কৰিবলগীয়া যে কৰ্দৈৰ উপকাৰৰ লগতে কিছু অপকাৰো নথকা নহয়৷ তাৰ ভিতৰত গৰ্ভৱতী মহিলাই কেতিয়াও কৰ্দৈ খাব নালাগে৷ কিডনীজনিত ৰোগীৰ বাবে কৰ্দৈ হানিকাৰক৷ অস্ত্ৰোপচাৰ বা ছাৰ্জাৰী কৰাৰ পাছত অন্ততঃ দুসপ্তাহলৈ কৰ্দৈ খাব নালাগে৷ আনহাতে এলাৰ্জি থকাসকলে কৰ্দৈ নোখোৱাটোৱেই ভাল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here