আপুনি কথা পাহৰিবলৈ লৈছে কি ভিটামিনৰ অভাৱ হৈছে জানেনে ?

0
26

বয়স বৃদ্ধিৰ লগে লগে মানুহে কথা পাহৰিলৈ আৰম্ভ কৰে৷ বহু কথা বহু চিন্তা কৰিহে মনত পেলাব লগীয়া হয়৷ এইটো বাৰ্ধক্যৰ এটা স্বাভাৱিক প্ৰক্ৰিয়া৷ কিন্তু আজিকালি বহুতৰে কম বয়সতে যিকোনো কথা এঘণ্টাৰ ভিতৰতে পাহৰি থাকে৷ বহুতৰে আকৌ ঘৰতে বজাৰৰ লিষ্টখন মুখস্থ কৰি বজাৰলৈ গৈ কি কি বস্তু আনিবলগীয়া আছে, সঘনাই গৃহস্থলৈ ফোন কৰিহে মনত পেলাব লগা হয়৷ মুঠতে কথা পাহৰাটো বহু ক্ষেত্ৰতে এটা সাধাৰণ কথা হৈ পৰিছে৷ কেতিয়াবা আকৌ এইদৰে কথা পাহৰি যোৱাৰ বাবে জীৱনত বহু দৰকাৰী কামটোও হৈ নুঠেগৈ৷ আজিকালি এনেধৰণৰ প্ৰৱণতা প্ৰায়ে দেখা যায়৷ ইয়াৰ অন্যতম কাৰণ হৈছে শৰীৰত ভিটামিনৰ অভাৱ৷ বহু জৰুৰী কথা ক’বলৈও পাহৰি থকা হয়৷ সময়ৰ কথা সময়ত নক’লে বা নকৰিলে পাছলৈ মহা পয়মাল হয়৷ এইধৰণৰ সমস্যা হ’লে আপুনি চিকিৎসকৰ ওচৰ চাপিব পাৰে৷ যদি আপোনাৰো এইধৰণৰ সমস্যা হৈছে তেনেহ’লে বুজিব যে শৰীৰত ভিটামিন-ডি অভাৱ হৈছে৷ উল্লেখ্য যে ভিটামিন-ডিৰ অভাৱ হ’লে মস্তিষ্কত প্ৰভাৱ পেলায়৷ আনহাতে এই ভিটামিনৰ নাটনি হ’লে স্নায়ুৰ ৰোগ হোৱাৰ সম্ভাৱনা যথেষ্টখিনি থাকে৷ জানি থোৱা ভাল যে ভিটামিন-ডিয়ে মস্তিষ্কৰ বিকাশ, সুস্বাস্থ্য তথা কাৰ্যক্ষমতাত যথেষ্ট অিৰহণা যোগায়৷ ইয়াৰ উপৰি ভিটামিন-ডি নিউৰোষ্টেৰয়েড হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ সেয়ে শৰীৰত ভিটামিন-ডিৰ অভাৱ নোহোৱাকৈ স্বাভাৱিক মাত্ৰাত ৰখাটো প্ৰয়োজনীয়৷ ইয়াৰ বাবে ভিটামিন-ডি সমৃদ্ধ খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰটো একান্তই কৰ্তব্য৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here