আন প্ৰাণীতকৈ মানুহ বেছিদিন জীয়াই থাকে কিয়? কাৰণ জানক

0
73

মানুহ কাছৰ বাদে বিশ্বৰ অধিকাংশ প্ৰাণীতকৈ দীৰ্ঘজীৱী হৈ থাকে৷ সাধাৰণতে দেখা যায় যে পৃথিৱীৰ আন আন প্ৰাণীবোৰতকৈ মানুহৰ আয়ুস কাল বেছি আৰু মানুহ বেছিদিন জীয়াই থাকে৷ ইয়াৰ কাৰণ সম্পৰ্কে বিজ্ঞানীয়ে অধ্যয়ন কৰিছিল আৰু ইয়াৰ উত্তৰ বিচাৰি পাইছে গৱেষকে৷ ছায়েঞ্চ ডেইলীত পৃথিৱীৰ আম প্ৰাণীৰ তুলনাত মানুহ বেছিদিন জীয়াই থকাৰ বিষয়ে বিস্তৰ তথ্য দাঙি ধৰা হৈছে৷ এই গৱেষণা অত্যন্ত গুৰুত্বপূৰ্ণ বুলিও বিবেচিত হৈছে৷ ইণ্ডিয়া টুডেত কোৱা হৈছে যে যুক্তৰাষ্ট্ৰৰ ৱেলকাম চাংগাৰ ইন্‌ষ্টিটিউটৰ গৱেষণাত মানুহসহ ১৬টা প্ৰজাতিৰ প্ৰাণীৰ ওপৰত ইয়াৰ গৱেষণা চলিছিল৷ এন্দুৰ, সিংহ, জিৰাফৰ উপৰি ‘নেকেড মেল ৰেট’ নামৰ কেঞ্চাৰপ্ৰৱণ একধৰণৰ এন্দুৰক লৈও পৰীক্ষা চলাইছিল গৱেষকে৷ এই সম্পৰ্কত বিজ্ঞানীয়ে কৈছে যে প্ৰাণীৰ জিনগত মিউটেশ্যন য’ত ধীৰগতিৰ সাধাৰণতে তেনে প্ৰাণী দীৰ্ঘজীৱী হয়৷ এই গৱেষণাটোৰ মূল বিষয় আছিল বয়স বৃদ্ধি আৰু কেঞ্চাৰ প্ৰৱণতাক লৈ৷ উক্ত পৰীক্ষাত দেখা গৈছে যে জিৰাফতকৈ বেছিদিন বাচি থাকে মানুহসহ বাঘ আৰু অন্য স্তন্যপায়ী জন্তু৷ গৱেষণাটোৰ অন্যতম গৱেষক ড॰ এলেক্স কেগানে কৈছে যে এন্দুৰৰ পৰা আৰম্ভ কৰি বাঘ আৰু আন প্ৰাণীৰ শৰীৰত জিনগত পৰিৱৰ্তনৰ বিষয়টো লক্ষ্য কৰি তেওঁ অবাক হৈছিল৷ সকলোতকৈ আশ্চৰ্যৰ কথাটো হ’ল গৱেষণাৰ পৰা জানিব পৰা মতে মিউটেশ্যনৰ হাৰৰ গতিৰ সৈতে আয়ুসকালৰ সম্পৰ্ক আছে৷ লাহে লাহে এটা শৰীৰ বাৰ্ধক্যৰ দিশে আগুৱাই যায়৷ এইটো এটা অত্যন্ত জটিল প্ৰক্ৰিয়া৷ মানৱ শৰীৰৰ কোষ আৰু কলাৰ যি আণৱিক ক্ষতি হৈ থাকে, তাৰ ফলতে লাহে লাহে বৃদ্ধ হৈ যায় মানৱ শৰীৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here