মানুহৰ দৈনন্দিন জীৱনশৈলী, কৰ্মব্যস্ত জীৱন, ৰুটিনমাফিক কাম-কাজ, শাৰীৰিক শ্ৰম, অত্যধিক ব্যস্ততাৰ মাজত দিনটো ব্যয় কৰা আদিবোৰে মনৰ আনন্দ বা স্ফূৰ্তি কৰিবলৈ সময় নোপোৱাৰ দৰে হয়৷ দিনটোত এনেদৰে যুক্ত হৈ থকা যায় যে হাঁহিবলৈ পাহৰি যায়৷ আনকি নিজৰ বাবে অকণমান সময় উলিয়াবলৈও বহু কষ্ট কৰিব লাগে৷ এইধৰণৰ ব্যৱস্থাই মানুহৰ মানসিক চাপ, উদ্বেগ আদি বঢ়াই তোলে৷ অনৱৰতে মস্তিষ্কই সেইবোৰ কৰি কৰি হাঁহি, সুখ, স্বাচ্ছন্দ্য সকলো পাহৰি যায়৷ ইয়াৰ ফলত মানুহৰ ষ্ট্ৰেচ বাঢ়ে, আনৰ সৈতে মিলিব নোৱৰা হয়, কেতিয়াবা খিংখিঙীয়া স্বভাৱৰ হয়৷ নিজক লৈয়ে ব্যস্ত থাকে বা সামাজিক নহয়৷ সেয়ে আমি মনত ৰখা উচিত যে দিনটোৰ ভিতৰত এনে কিছু কাম কৰিব লাগে, যিবোৰে আমাৰ মনক খোৰাক যোগায়, অলপ আনন্দ প্ৰকাশৰ সুবিধা দিয়ে৷ যাৰ জৰিয়তে মনটো প্ৰফুল্লিত ৰাখিব পৰা যায়৷ ইয়াৰ ফলত দিনৰ দিনতো যিমানেই কষ্টকৰ কাম নহওক কিয়,অনায়াসে কৰিব পৰা যায়৷ জনা উচিত যে প্ৰতিদিনে আপোনাৰ শৰীৰত হেপ্পী হৰমন বঢ়োৱাৰ কিছুমান উপায়ৰ বিষয়ে৷ সেয়ে দৈনন্দিন যিবোৰ কাম-কাজ কৰোঁতে আমাৰ আনন্দ দিয়ে, সেইবোৰ কৰিবলৈ চেষ্টা কৰক৷ আনকি কেতিয়াবা সৰু সৰু বিষয়বোৰেও আমাক আনন্দিত কৰে৷ কিছুমান অভ্যাস দৈনিক মানি চলিলে আমি সুখী হ’ব পাৰে৷ উল্লেখ্য যে আমাৰ শৰীৰে প্ৰকৃতিৰ কিছু সুখৰ হৰমনৰ নিঃসৰণ কৰে৷ এইবোৰ হ’ল ছেৰোটেনিন, ডোপামিন, অক্সিটোচিন তথা এণ্ডোৰফিন৷ এইবোৰ হৰমনে আমাৰ আৱেগক লৈ খুব গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ আপুনি সুখ অনুভৱ কৰিবলৈ দিনটোৰ আৰম্ভণিৰে পৰা কৃতজ্ঞতাৰে আৰম্ভ কৰা উচিত৷ ই আপোনাক গোটেই এটা ইতিবাচক মেজাজ দিব আৰু দিনটো সুখী কৰি ৰাখিব৷ পুৱাই অলপ সময় নিজৰ বাবে ব্যয় কৰক. আপোনাৰ যি প্ৰাপ্য তাৰ বাবে কৃতজ্ঞ থাকিব৷ এই সৰু কৰ্মটোৱে আপোনাৰ শৰীৰত ডোপামিনৰ মাত্ৰা বঢ়াই তুলিব৷ ই এনে এটা হৰমন, যি আপোনাৰ সুখী তথা শক্তিশালী বোধ কৰাব৷ শাৰীৰিক ব্যায়াম আপোনাৰ মেজাজ পৰিৱৰ্তনৰ কাৰণে ঔষধ হ’ব পাৰে৷ দৈনিক পুৱাই আপুনি অনুশীলন, ব্যায়াম কৰাৰ অভ্যাস কৰক৷ ইয়াৰ ফলত আপোনাৰ শৰীৰত এণ্ডোৰফিন হৰমন উৎপন্ন হ’ব৷ এই হৰমনে মন-মগজু শান্ত কৰি সুখী হোৱাৰ সহায় কৰে৷ পুৱা খোজ কঢ়াৰ অভ্যাস গঢ় দিয়ক৷ এনে অভ্যাসে আপোনাৰ শৰীৰত প্ৰয়োজনীয় এণ্ডোৰফিন সৰবৰাহ কৰাৰ লগতে কেইমুহূৰ্তৰ পাছতে সৰ্বশৰীৰ শান্ত হৈ সুখী অনুভৱ কৰিব৷