গৰমৰ দিনকেইটাত প্ৰখৰ ৰ’দত সহ্যৰ সীমা চেৰাই যায়৷ ৰ’দৰ তীব্ৰতাত ঘৰে-বাহিৰে মানুহ থাকিব নোৱৰা অৱস্থা হয়৷ এই দিনকেইটাত সেয়ে ঘৰৰ ভিতৰত সোমাই ফেনৰ তলত বহিয়ে ৰক্ষা পায়৷ কিছুমান ক্ষেত্ৰত অৱশ্যে এয়াৰ কণ্ডিশ্যনাৰ বা শীতলীকৰণৰ যন্ত্ৰ ব্যৱহাৰ কৰি গৰমৰ পৰা পৰিত্ৰাণ লাভ কৰে৷ আনহাতে গৰমৰ দিনকেইটাত বহুতকে দেখা যায় যে তেওঁলোকে গৰমৰ অনুভৱ সহ্য কৰিব নোৱাৰে৷ অৰ্থাৎ সাধাৰণ লোকতকৈ তেওঁলোকৰ শৰীৰে উত্তাপ সহ্য কৰিব নোৱাৰে৷ আপোনাৰো আনত তুলনাত অত্যধিক গৰমৰ অনুভৱ হয় নেকি? অফিচত যেতিয়া আনসকলে এচিৰ তলত থাকে, তেনে সময়তো আপোনাৰ শৰীৰে গৰম অনুভৱ কৰি থাকে৷ তেনেহ’লে জানো আহক ইয়াৰ আঁৰৰ কাৰণসমূহ৷ যিসকলৰ শৰীৰত মেটাবলিজমৰ হাৰ দ্ৰুত হয়, তেওঁলোকৰ শৰীৰত দ্ৰুত আৰু নিয়মিত শক্তি উৎপাদন হয়৷ তেনে ব্যক্তিৰ অত্যধিক গৰম লাগে৷ আনহাতে থাইৰয়েডৰ কাৰণেও শৰীৰত অত্যধিক গৰম অনুভৱ হ’ব পাৰে৷ শৰীৰত হৰমনৰ ভাৰসাম্য বিঘ্নিত হ’লেও অত্যধিক গৰম লাগিব পাৰে৷ আনহাতে শৰীৰত অতিৰিক্ত ফেট বা চৰ্বি জমা হোৱাৰ ফলতো অত্যধিক গৰম অনুভূত হয়৷ কিছুমান লোকৰ ক্ষেত্ৰত শৰীৰৰ প্ৰকৃতি উষ্ণ হয়৷ তেনে লোকে অত্যধিক মছলা খোৱা, পানী কমকৈ সেৱন কৰা আদিৰ বাবে শৰীৰে যথেষ্ট গৰম অনুভৱ কৰে৷