আধুনিক বিশ্বৰ মহামাৰী– ডায়েবেটিছ

0
1725


ডায়েবেটিছ মেলাইটাছ হ’ল বিশ্ব স্বাস্থ্য বিপত্তি [world health hazard] হিচাপে উদ্ভাসিত এটা বেমাৰ, যিয়ে আৰ্থ-সামাজিকভাৱে প্ৰত্যেকজন মানুহক নিজৰ লগতে গোটেই সমাজতে প্ৰভাৱ বিস্তাৰ কৰে৷ আধুনিক চিকিৎসা বিজ্ঞানৰ যথেষ্ট সাফল্যতাৰ পাছতো ডায়েবেটিছ বৰ্তমান সমাজৰ এটা সকলোৱে পৰিচিত অসংক্ৰমিত ৰোগ হিচাপে দেখা দিছে৷ পৃথিৱীৰ ধনী দেশসমূহৰ মানুহৰ মৃত্যুৰ মুখ্য কাৰণসমূহৰ ভিতৰত ডায়েবেটিছো এটা হয় আৰু উন্নয়নশীল দেশসমূহত ই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ বিশেষকৈ, এই ৰোগটোৰ দ্বাৰা ৪০১পৰা ৫৯ বছৰৰ লোক বেছিকৈ আক্ৰান্ত হয়৷ ডায়েবেটিছ হ’ল এটা লেটিন শব্দ, যাৰ অৰ্থ– ‘এটা পথ বা মাধ্যমৰ মাজেৰে চলাচল” আৰু মেলাইটাছ, অন্য এটা লেটিন শব্দ, যাৰ অৰ্থ– “মৌৰ নিচিনা মিঠা”৷ ভাৰতীয় চিকিৎসকসকলে এই বেমাৰটো চিনাক্ত কৰি নাম দিয়ে মধুমেহ৷ মধুমেহ এটা বিপাক সম্পৰ্কীয় ৰোগৰ সমষ্টি, য’ত মানুহজনৰ শৰীৰত ইনছুলিন নামৰ হৰম’নবিধ উৎপাদনৰ ব্যাঘাত জন্মাৰ বাবে বা ইনছুলিন হৰম’নৰ কাৰ্যপ্ৰণালীত ব্যাঘাতৰ ফলত বা দুয়োটাৰে ফলত শৰীৰত শৰ্কৰা বা গ্লুকজৰ পৰিমাণ বাঢ়ি যায়৷

ডায়েবেটিছৰ পূৰ্ব ৰূপ বা প্ৰাক্‌ লক্ষণ ঃ-
চুলিবিলাকত জঁট বান্ধিবলৈ আৰম্ভ হয়
মুখত মিঠা সোৱাদ পোৱা
হাত, ভৰি অৱশ হৈ যোৱা বা জিনজিননি হোৱা
মুখ, তালু আৰু ডিঙি শুনান যোৱা
অত্যধিক পিয়াহ লগা আৰু আলস্য ভাব
শৰীৰৰ পৰা অত্যধিক মল-মূত্ৰ ওলোৱা
শৰাৰৰ ৰন্ধ্ৰ যেনে– কাণ, নাক, চকু আদিত অধিক মল জমা হোৱা
শৰীৰৰ বিভিন্ন অংগবোৰত অৱশতা আৰু জ্বলা-পোৰা অনুভৱ হোৱা
মানুহজনৰ পেচাব বা শৰীৰলৈ পোক-পৰুৱাৰ আকৰ্ষণ
পেচাবত অস্বাভাৱিকতা দেখা পোৱা
পেচাবৰ পৰা কেঁচা মাংসৰ নিচিনা গোন্ধ ওলোৱা
অত্যধিক টোপনি আৰু অনৱৰতে তন্দ্ৰা ভাব হোৱা
শৰীৰৰ পৰা খুব ঘাম ওলোৱা আৰু বেয়া গোন্ধ ওলোৱা

ডায়েবেটিছৰ সাধাৰণ লক্ষণসমূহ ঃ-
বেছিকৈ পেচাব হোৱা
বেছিকৈ ভোক লগা
বেছিকৈ পিয়াহ লগা নহ’লে ডিঙি শুকাই যোৱা
অস্বাভাৱিকভাৱে ওজন হ্ৰাস হোৱা
সকলো সময়তে ভাগৰ ভাগৰ লগা
বমিৰ ভাব বা বমি হোৱা
চকুৰে জলক-তবক দেখা
মহিলাৰ ক্ষেত্ৰত সহজে যোনীৰ সংক্ৰমণ
পুৰুষ বা মহিলা উভয়ৰে ক্ষেত্ৰত ইষ্টৰ সংক্ৰমণ
মুখ আৰু তালু শুকাই যোৱা
দেহত যিকোনো অংশত হোৱা ঘা সোনকালে নুশুকোৱা
ছালৰ বিভিন্ন ঠাইত খজুৱতি হ’ব পাৰে, বিশেষকৈ কৰঙন আৰু যৌনাংগত

ৰোগ নিৰ্ণয় ঃ- বিশ্ব স্বাস্থ্য সংস্থাই তলত দিয়া ধৰণে গ্লুকজৰ পৰিমাণ নিধাৰণ কৰিছে
গ্লুকজ স্বাভাৱিক ডায়েবেটিছৰ আদি অৱস্থা
যিকোনো সময়ত – মিঃগ্ৰাঃযডেঃ লিঃ

খালী পেটত ১০৮ মিঃগ্ৰাঃযডেঃ লিঃ– ১০৮-১২৬ মিঃগ্ৰাঃযডেঃ লিঃ
ভোজনৰ দুই ঘণ্টা পাছত ১৪০ মিঃগ্ৰাঃযডেঃ লিঃ–১৪০-১৯৯ মিঃগ্ৰাঃযডেঃ লিঃ

লেবৰেটৰীত কৰিবলগীয়া পৰীক্ষা ঃ-
ৰ] তেজৰ প্লাজমাৰ শৰ্কৰা পৰীক্ষা
যিকোনো সময়তে কৰা শৰ্কৰা পৰীক্ষা [random blood suger test]
খালী পেটত কৰা শৰ্কৰা পৰীক্ষা [Fasting blood suger test]
ভোজনৰ দুই ঘণ্টা পাছত কৰা শৰ্কৰা পৰীক্ষা [Post pandrial blood suger test]
২] অৰেল গ্লুকজ টোলাৰেন্স টেষ্ট [Oral glucose tolerance test]
৩] গ্লাইক’চাইলেটেড হিমগ্লবিন ইষ্টিমেচন [glycocylated haemoglobin estimation]
চ্ছ্ৰ] চি-পেপ্টাইড টেষ্ট [ট্ৰ-peptide test]
প্ত] লিপিড প্ৰফাইল পৰীক্ষা [Lipid profile test]
৬] ই চি জি
জ্জ]েপেচাব পৰীক্ষা- পেচাবৰ শৰ্কৰা, কিটন, এলবুমিন আদিৰ পৰীক্ষা

ডায়েবেটিছৰ পৰা হ’ব পৰা জটিলতা ঃ-
শীঘ্ৰে হ’ব পৰা জটিলতা–
ডায়েবেটিক কিটোএচিডছিছ [Diabetic ketoacidosis]
হাইপোগ্লাইচেমিয়া [hypoglycaemia]
ডায়েবেটিক ক’মা [Diabetic coma]
শ্বাসতন্ত্ৰৰ সংক্ৰমণ

জীৰ্ণ জটিলতা ঃ-
শাৰীৰিক বিকলাংগতা
চকুৰ ৰেটিন’পেথি বা ৰেটিনা ক্ষয় হোৱা
মেক্ৰ’এনজিঅ’পেথি
নিউৰ’পেথি
নেফ্ৰ’পেথি বা কিডনীৰ সমস্যা

ৰোগৰ প্ৰতিকাৰ ঃ-
তিতাকেৰেলাৰ ৰস দৈনিক একাপ খাব লাগে
দৈনিক এচামুচ মেথিগুটি নিশা এগিলাচ গৰমপানীত তিয়াই থৈ ৰাতিপুৱা চোবাই খাব লাগে৷
আঁহত গছৰ দহটাকৈ পাত দুগিলাচ পানীত উতলাই লৈ যেতিয়া পানীখিনিৰ পৰিমাণ এগিলাচমান হ’ব তেতিয়া ঠাণ্ডা কৰি ৰাতিপুৱা খাব লাগে৷
ইয়াৰ উপৰি বহুতো যৌগিক ঔষধি ৰোগ অনুসৰি খাবলৈ পৰামৰ্শ আগবঢ়োৱা হয়৷ এই ঔষধবিলাকৰ উপৰিও কিছুমান ব্যায়াম, জীৱনশৈলীৰ পৰিৱৰ্তন, যোগায়ন ইত্যাদিৰ পৰামৰ্শ ৰোগীয়ে দৈহিক শক্তি অনুসৰি আগবঢ়োৱা হয়৷
যেনে– নিয়মিত খোজ কঢ়া আৰু চাইকেল চলোৱা, সাঁতোৰা৷
খাদ্য নিয়ন্ত্ৰণ [দৈনিক ১৮০০–২০০০ কেলৰি],
মানসিক চাপ আৰু বিষাদ পৰিত্যাগ কৰা ইত্যাদি
যোগায়ন ঃ- এজন যোগ পৰামৰ্শদাতাৰ তত্ত্বাৱধানত নিজৰ দেহৰ শক্তি অনুসৰি তলত দিয়া যোগাসনসমূহ কৰা উচিত৷ যেনে– অধোমুখাসন, উত্তনাসন, ত্ৰিকোণাসন, ভূজংগাসন, সলভাসন, ধনুৰাসন, সৰ্বাংগাসন, হলাসন, মৎস্যাসন, পশ্চিমোত্তাসন, বালাসন, পবনমুক্তাসন, কপালভাটি, বাহ্যপ্ৰাণায়াম ইত্যাদি৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here