আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ সূৰ্যগ্ৰহণৰ সময়ত কি কি কৰা অনুচিত?

0
735

ভাৰতত সূৰ্যগ্ৰহণ দুপৰীয়া ১-৪২ বজাত আৰম্ভ হ’ব আৰু সন্ধিয়া ৬-৪১ বজাত শেষ হ’ব৷

আজি সূৰ্যগ্ৰহণ৷ আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব ভাৰতবাসী৷ ২০২১ চনৰ প্ৰথমটো সূৰ্যগ্ৰহণত সূৰ্যৰ প্ৰায় ৯৪ শতাংশ চন্দ্ৰই গ্ৰাস কৰিব৷ সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ কাৰণে আজি দিনতেই আন্ধাৰ হৈ পৰিব৷ এই সূৰ্যগ্ৰহণ ভাৰতত আংশিকভাৱে পৰিব৷ সম্পূৰ্ণ সূৰ্যগ্ৰহণ উত্তৰ কানাডা, গ্ৰীনলেণ্ড আৰু ৰাছিয়াত হ’ব৷ আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপ আৰু এছিয়াৰ উত্তৰ অংশতো আংশিক গ্ৰহণ হ’ব৷ ভাৰতত সূৰ্যগ্ৰহণ দুপৰীয়া ১-৪২ বজাত আৰম্ভ হ’ব আৰু সন্ধিয়া ৬-৪১ বজাত শেষ হ’ব৷অসমৰ ভিন্ন প্ৰান্তৰ লগতে অৰুণাচল প্ৰদেশত আংশিকভাৱে দৃশ্যমান হ’ব এই সূৰ্যগ্ৰহণ৷ 

আনহাতে আমি সূৰ্যগ্ৰহণৰ সময়ত কেইটামান নিয়ম মানি চলাটো অতি আৱশ্যক৷

How to view the solar eclipse safely - and without glasses

প্ৰথম কথা হ’ল আমি খালী চকুৰে কেতিয়াও সূৰ্যগ্ৰহণ চাব নালাগে৷ খালী চকুৰে সূৰ্যগ্ৰহণ চালে চকুৰ ৰেটিনাত প্ৰভাৱ পৰিব পাৰে আৰু চকু নষ্ট হোৱাৰ সম্ভাৱনা থাকে৷ আমি চকুযুৰি সুৰক্ষিত কৰি ৰাখিবলৈ বিশেষ ধৰণৰ ফিল্টাৰ থকা চছ্‌মা ব্যৱহাৰ কৰা উচিত৷

Solar Eclipse: Make Your Own Pinhole Projector | Meridian Library District

সূৰ্যগ্ৰহণ চাবলৈ হ’লে ‘পিন হ’ল প্ৰজেক্ট’ৰ জৰিয়তে বগা দেৱাল বা বগা কাপোৰত গ্ৰহণৰ ছাঁ পেলাই চাব পাৰি৷ সাধাৰণ ছানগ্লাছ ব্যৱহাৰ কৰি সূৰ্যগ্ৰহণ চোৱাটো উচিত নহয়৷ আনহাতে খোৱা-লোৱাৰ ক্ষেত্ৰতো সাৱধান হোৱা উচিত৷ সূৰ্যগ্ৰহণ হৈ থকাৰ সময়ত আমি খাদ্য গ্ৰহণ কৰাটো অনুচিত৷ গ্ৰহণৰ সময়ত সূৰ্যৰ পৰা বিকিৰিত আল্ট্ৰা ভায়লেট ৰশ্মিয়ে বনাই থোৱা খাদ্যবস্তুত কুপ্ৰভাৱ পেলাব পাৰে৷ ফলত নানা ৰোগে শৰীৰত দেখা দিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here