আজাৰাত গাহৰিৰ অস্বাভাৱিক মৃত্যু

0
1978

ৰাজ্যত গাহৰিৰ অস্বাভাৱিকভাৱে মৃত্যু হোৱাৰ ঘটনা অব্যাহত আছে৷ বিগত প্ৰায় দহ-বাৰদিন ধৰি গুৱাহাটীৰ পূব প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত কেওটপাৰা আৰু কংকতবড়ী গাঁও দুখনত অচিন ৰোগত শতাধিক গাহৰিৰ মৃত্যু হৈছে৷ এই লৈ অঞ্চলটোৰ গাহৰিপালকসকল শংকিত হৈ পৰিছে৷ এনেদৰে অচিন ৰোগত আক্ৰান্ত হৈ গাহৰিৰ মৃত্যু হোৱাৰ খবৰ পোৱাৰ পাছতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ আজাৰা কাঁহিকুছিত থকা কৃষি বিজ্ঞান কেন্দ্ৰৰ চিকিৎসা বিশেষজ্ঞ ডাঃ ইলাক্ষি ডেকাৰ নেতৃত্বত এটা দলে আজাৰাৰ উক্ত অঞ্চল দুটা পৰিভ্ৰমণ কৰে৷ দলটোৱে মৃত গাহৰিৰ দেহৰ নমুনা সংগ্ৰহ কৰে আৰু পৰীক্ষাৰ বাবে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ গৱেষণাগাৰে দিয়া নমুনাৰ ফলাফলত গাহৰিসমূহ আফ্ৰিকান জ্বৰত মৃত্যু হোৱাটো নিশ্চিত কৰে৷ ইয়াৰ বাবে উক্ত বিশেষজ্ঞৰ দলটোৱে আগন্তুক দিনত কেনেধৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব, সেই বিয়য়ে এখন সজাগতা সভা অনুষ্ঠিত কৰে৷ উক্ত সভাতে ডাঃ ডেকাই গাহৰিৰ গঁৰালত সুস্থ অৱস্থাত থকা গাহৰিবোৰৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত আৰু লগতে মৃত্যু হোৱা গাহৰিবোৰ কিদৰে পুতি থ’ব লাগে, সেই বিষয়ে গাহৰিপালকসকলক বুজাই দিয়ে৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও এই অঞ্চলত শতাধিক গাহৰিৰ এনেদৰে অচিন ৰোগত আক্ৰান্ত গৈ মৃত্যু হৈছিল৷ যাৰ ফলত গাহৰিপালকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছিল৷ এনেদৰে অচিন ৰোগত গাহৰিৰ মৃত্যুৰ ধাৰা অব্যাহত থাকিলে হয়তো অচিৰেই গাহৰি পালনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি হ’ব আৰু গাহৰি ফাৰ্মসমূহ বন্ধ হৈ যাব৷ এই ধাৰা অব্যাহত থাকিলে বহু কৰ্মোদ্যমী যুৱকে কৰ্মসংস্থান হেৰুৱাই নিবনুৱা হৈ পৰিব৷ সেয়েহে সময় থাকোঁতেই চৰকাৰ, প্ৰশাসনক উপযুক্ত কাৰ্যব্যৱস্থা ল’বলৈ অঞ্চলটোৰ গাহৰিপালকসকলে অনু্‌ৰোধ জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here