তামিলনাডুৰ ৰাজধানী চেন্নাইত অলপতে ঘটা এটা ঘটনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷ চেন্নাইৰ এখন থানাৰ মালখানাত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰীৰ পৰা জব্দ কৰা ২১.৯ কেজি ভাং ৰাখি থৈছিল৷ চেন্নাইৰ মেৰিনা থানাৰ আৰক্ষীয়ে ২০২০ চনত ২১.৯ কিল’গ্ৰাম ভাঙৰ সৈতে দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল৷ এই সৰবৰাহকাৰী দুটাৰ বিৰুদ্ধে তিনি বছৰে গোচৰ চলি আছিল৷ আৰক্ষীয়ে গোচৰৰ তদন্তৰ পাছত অভিযোগনামাও দাখিল কৰে৷ ইয়াৰ পাছত আদালতত এই গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশে ভাংখিনি আদালতত দাখিল কৰাৰ নিৰ্দেশ দিয়ে৷ মন কৰিবলগীয়া কথাটো হ’ল আৰক্ষীয়ে ২১.৯ কিলোগ্ৰামৰ পৰিৱৰ্তে মাত্ৰ ৫০ গ্ৰাম ভাংহে আদালতত দাখিল কৰিবলৈ সক্ষম হয়৷ এই ভাংখিনি পৰীক্ষাৰ কাৰণে ফৰেনছিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়৷ ন্যায়াধীশে বাকী ভাংখিনি ক’ত বুলি আৰক্ষীক সোধে৷ তেতিয়া আৰক্ষীয়ে জনায় যে বাকীখিনি ভাং নিগনিয়ে খালে৷ আৰক্ষীয়ে অভিযোগনামাত ২২ কিলোগ্ৰাম ভাং জব্দ কৰা বুলি উল্লেখ কৰিছিল, কিন্তু আদালতত সেইখিনি দাখিল কৰিব নোৱাৰিলে৷ ফলত প্ৰমাণৰ অভাৱত অভিযুক্তকেইজনক আদালতে মুক্তি দিয়ে৷