আচৰ্য! পোহৰ বিলোৱা কাঠফুলা

0
1639

কাঠফুলা আমি সকলোৱে দেখিছোঁ৷ কিন্তু পোহৰ দিয়া কাঠফুলা আপুনি কেতিয়াবা দেখিছেনে? এই বসুন্ধৰাতেই আছে পোহৰ দিয়া কাঠফুলা। আচৰিত লাগিলেও এয়া সঁচা। অলপতে আমাৰ দেশ ভাৰতবৰ্ষতে অন্য এবিধ পোহৰ দিয়া কাঠফুলা প্ৰত্যক্ষ কৰা হৈছে৷ যোৱা আগষ্ট মাহত মেঘালয়ৰ পূব খাছি পাহাৰ জিলাৰ মাউলিনঙৰ এটা পাহাৰীয়া জুৰিৰ কাষত পোহৰ বিলোৱা কাঠফুলা দেখিবলৈ পোৱা গৈছে৷ অনুৰূপ ঘটনা প্ৰত্যক্ষ কৰা হৈছে পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলাৰ ক্ৰেংশ্বুৰিত৷ এটা ভাৰতীয় প্ৰকল্পৰ অধীনত বিভিন্ন প্ৰজাতিৰ কাঠফুলা চিনাক্তকৰণ সম্পৰ্কীয় এটা গৱেষণাত চীনৰ কুনমিং ইন্‌ষ্টিটিউট অব্‌ ব’টানিৰ এদল বিজ্ঞানীয়ে এই নতুন কাঠফুলা প্ৰজাতিবিধ প্ৰত্যক্ষ কৰে৷ উল্লেখ্য যে মেঘালয়ত প্ৰত্যক্ষ কৰা কাঠফুলাবিধ স্থানীয় লোকে আগৰে পৰা দেখিছিল যদিও বৈজ্ঞানিকভাৱে চিনাক্তকৰণ হোৱা নাছিল৷ এই আচৰ্যজনক কাঠফুলাবিধক ৰ’ৰিডমিছেছ ফিলুষ্টেকাইডিছ( Roridomices phyllostachydis) নামেৰে নামকৰণ কৰা হৈছে৷ ইতিমধ্যে সমগ্ৰ বিশ্বত আৱিষ্কাৰ হোৱা মুঠ কাঠফুলাৰ মাজত ৯৮বিধ পোহৰ দিয়া কাঠফুলা পোৱা গৈছে আৰু ইয়াৰ ভিতৰত মেঘালয়ত নতুনকৈ পোৱা কাঠফুলাবিধো এবিধ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here